1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আল-কোৰআনুল কাৰীম আৰু কোৰআন সম্পৰ্কীয় বিবিধ জ্ঞান

হাদীছ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, আৰু আমি আছিলোঁ শক্তিশালী তথা সক্ষম এদল যুৱক। আমি কোৰআন শিকাৰ আগতে ঈমান শিকিছিলোঁ। তাৰ পিছতহে কোৰআন শিকিছোঁ। ফলত আমাৰ ঈমান বৃদ্ধি পাইছিল।

عَنْ جُنْدُبِ بْنِ عَبْدِ اللَّهِ رَضيَ اللهُ عنهُ قَالَ:
كُنَّا مَعَ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ وَنَحْنُ فِتْيَانٌ حَزَاوِرَةٌ، فَتَعَلَّمْنَا الإِيمَانَ قَبْلَ أَنْ نَتَعَلَّمَ القُرْآنَ، ثُمَّ تَعَلَّمْنَا القُرْآنَ، فَازْدَدْنَا بِهِ إِيمَانًا.

জুন্দুব বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, আৰু আমি আছিলোঁ শক্তিশালী তথা সক্ষম এদল যুৱক। আমি কোৰআন শিকাৰ আগতে ঈমান শিকিছিলোঁ। তাৰ পিছতহে কোৰআন শিকিছোঁ। ফলত আমাৰ ঈমান বৃদ্ধি পাইছিল।

ছহীহ (ইবনে মাজাহ) ছুনান ইবনে মাজাহ - 61

ব্যাখ্যা

হাদীছটোত জুন্দুব বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সাহচৰ্য্যত আছিলোঁ, আৰু আমি আছিলোঁ প্ৰাপ্তবয়স্কত উপনীত হোৱাৰ বয়সত, শক্তিশালী তথা মজবুত আছিলোঁ। সেই সময়ছোৱাত আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোৰআন শিকাৰ আগতে ঈমান সম্পৰ্কে শিকিছিলোঁ। ইয়াৰ পিছত আমি কোৰআন শিকিছিলোঁ, ফলত আমাৰ ঈমান বৃদ্ধি হৈছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৰ বৰ্ণনা অনুযায়ী ঈমান বৃদ্ধি হয় আৰু হ্ৰাস পায়।
  2. নতুন প্ৰজন্মৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰৰ প্ৰতি মনোযোগ দিয়া উচিত, আৰু সিহঁতৰ হৃদয়ক ঈমানৰ দ্বাৰা পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো অতি প্ৰয়োজনীয়।
  3. কোৰআনৰ দ্বাৰা ঈমান বৃদ্ধি হয়, অন্তৰ আলোকিত হয় আৰু বুকু প্ৰশস্ত হয়।

অনুবাদ চাওক

29 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية