1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।

عَنْ بُرَيْدَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ حَلَفَ بِالْأَمَانَةِ فَلَيْسَ مِنَّا».

বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।"

ছহীহ (আবু দাঊদ, আহমদ) ছুনান আবি দাঊদ - 3253

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমানতৰ শপত খাবলৈ নিষেধ কৰিছে তথা সতৰ্ক কৰিছে। যিয়ে এনেকুৱা কৰে সি আমাৰ অন্তৰ্ভুক্ত নহয় বুলি কৈছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহৰ বাহিৰে আনৰ শপত খোৱা হাৰাম। উদাহৰণস্বৰূপে আমানতৰ শপত খোৱা। এনেকুৱা শপত হৈছে শ্বিৰ্কে আচগৰ।
  2. আমানত বোলোঁতে ইয়াৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক সামৰি লোৱা হয়, যেনে- আনুগত্য তথা আদেশ পালন, ইবাদত, আমানত তথা জামানত, ধনৰ লেনদেন আৰু নিৰাপত্তা আদি।
  3. আল্লাহৰ শপত খালেহে শপত সাব্যস্ত হয়, অথবা তেওঁৰ কোনো নামৰ শপত, নাইবা কোনো গুণাৱলীৰ শপত খালেহে সেইটো শপত হিচাপে গ্ৰহণযোগ্য হয়।
  4. খত্তাবীয়ে কৈছে: ইয়াত এইটো বুজা যায় যে, ইয়াক (আমানতৰ শপত খোৱাক) এই কাৰণে নিষেধ কৰা হৈছে, যিহেতু মানুহক আল্লাহৰ আৰু তেওঁৰ গুণসমূহৰ শপত খোৱাৰহে আদেশ দিয়া হৈছে। লগতে আমানত আল্লাহৰ কোনো গুণবাচক নাম নহয়, বৰং এইটো হৈছে আল্লাহৰ আদেশ আৰু তেওঁৰ ফৰজসমূহৰ অন্যতম এটা। সেইকাৰণে ইয়াক আল্লাহৰ নাম আৰু তেওঁৰ গুণাৱলীৰ সমপৰ্যায় কৰিবলৈ নিষেধ কৰা হৈছে।

অনুবাদ চাওক

50 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية