1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ হে আল্লাহৰ ৰাছুল! জিহাদ কৰাটোক আমি সৰ্বশ্ৰেষ্ঠ আমল বুলি জানো, তেন্তে আমি জিহাদ নকৰিমনে? তেখেতে ক'লেঃ "নহয়, বৰং আটাইতকৈ শ্ৰেষ্ঠ জিহাদ হৈছে: হজ্জে মাবৰূৰ"।

عَنْ عَائِشَةَ أُمِّ المُؤْمِنِينَ رَضِيَ اللَّهُ عَنْهَا أَنَّهَا قَالَتْ:
يَا رَسُولَ اللَّهِ، نَرَى الجِهَادَ أَفْضَلَ العَمَلِ، أَفَلاَ نُجَاهِدُ؟ قَالَ: «لَا، لَكُنَّ أَفْضَلُ الجِهَادِ: حَجٌّ مَبْرُورٌ».

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
হে আল্লাহৰ ৰাছুল! জিহাদ কৰাটোক আমি সৰ্বশ্ৰেষ্ঠ আমল বুলি জানো, তেন্তে আমি জিহাদ নকৰিমনে? তেখেতে ক'লেঃ "নহয়, বৰং আটাইতকৈ শ্ৰেষ্ঠ জিহাদ হৈছে: হজ্জে মাবৰূৰ"।

ছহীহ (বুখাৰী) ছহীহ বুখাৰী - 1520

ব্যাখ্যা

চাহাবাসকলে (ৰাদ্বিয়াল্লাহু আনহুম) আল্লাহৰ পথত জিহাদ কৰাক তথা শত্ৰুৰ সৈতে যুদ্ধ কৰাক সৰ্বশ্ৰেষ্ঠ আমল বুলি বিবেচনা কৰিছিল। সেয়ে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, মহিলাসকলে জিহাদত অংশগ্ৰহণ নকৰিবনে?
তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক নিৰ্দেশনা দি ক'লে যে, হজ্জে মাবৰূৰ হৈছে তেওঁলোকৰ বাবে সৰ্বোত্তম জিহাদ, হজ্জে মাবৰূৰ হৈছে যিটো হজ্জ কোৰআন হাদীছ মুতাবিক পালন কৰা হয়, যি হজ্জ গুনাহ আৰু লোকক দেখুওৱা (ৰিয়া)ৰ পৰা মুক্ত।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. জিহাদ হৈছে পুৰুষৰ বাবে সৰ্বোত্তম আমল।
  2. নাৰীৰ বাবে হজ্জ হৈছে জিহাদতকৈ উত্তম আমল, আনকি আটাইতকৈ উত্তম আমল।
  3. আমলকাৰীৰ ভিন্নতা অনুসৰি আমলৰ ভিতৰত তাৰতম্য তথা মৰ্যাদাগত পাৰ্থক্য থাকে।
  4. হজ্জক জিহাদ হিচাপে নামকৰণ কৰাৰ কাৰণ হৈছে, এইটো হৈছে নফছৰ সৈতে কৰা জিহাদ। ইয়াত সম্পদ ব্যয় কৰিব লাগে, শাৰিৰীক সামৰ্থও প্ৰয়োজন হয়। গতিকে এইটো হৈছে আল্লাহৰ পথত জিহাদ কৰাৰ দৰে শাৰিৰীক আৰু আৰ্থিক ইবাদত।

অনুবাদ চাওক

57 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية