1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ মই নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল। অপকাৰো কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।

عَنْ عُمَرَ رَضِيَ اللَّهُ عَنْهُ:
أَنَّهُ جَاءَ إِلَى الحَجَرِ الأَسْوَدِ فَقَبَّلَهُ، فَقَالَ: إِنِّي أَعْلَمُ أَنَّكَ حَجَرٌ، لاَ تَضُرُّ وَلاَ تَنْفَعُ، وَلَوْلاَ أَنِّي رَأَيْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يُقَبِّلُكَ مَا قَبَّلْتُكَ.

ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
তেওঁ হাজাৰে আছৱাদৰ ওচৰলৈ আহি চুমা খাই কৈছিলঃ মই নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল। অপকাৰো কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 1597

ব্যাখ্যা

আমিৰুল মুমিনীন ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে কাবা গৃহৰ কোণত থকা হাজাৰে আছৱাদৰ ওচৰলৈ আহি চুমা খাই কৈছিলঃ মই এই কথা নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল, তুমি কাৰো ক্ষতিও কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। কিন্তু মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. তাৱাফকাৰীসকলে তাৱাফ কৰাৰ সময়ত যদি সুবিধা পায় তেন্তে হাজাৰে আছৱাদক চুমা খাব লাগে।
  2. হাজাৰে আছৱাদক চুমা খোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ।
  3. ইমাম নাৱাৱীয়ে কৈছেঃ ক্ষতি কৰাৰ আৰু উপকাৰ কৰাৰ কোনো ক্ষমতা নাই, ইয়াৰ অৰ্থ হৈছে যে, এইটো হৈছে এডোখৰ শিল, তথা মখলুক, অন্যান্য মখলুকৰ দৰেই, উপকাৰ আৰু অপকাৰ কৰাৰ কোনো ক্ষমতা নাই। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে এইটো এই সময়ছোৱাত এইকাৰণে কৈছে, যাতে অন্যান্য দেশৰ পৰা অহা লোকে বিষয়টো বেলেগক জনাই দিয়ে আৰু বিভিন্ন ফালৰ পৰা অহা লোকে বিষয়টো মনত ৰাখে।
  4. ইবাদত হৈছে তাওক্বীফি। ইয়াত নিজৰ ফালৰ পৰা কম বা বৃদ্ধি কৰাৰ কাৰো ক্ষমতা নাই, কেৱল সেইটোৱে বৈধ যিটো আল্লাহ আৰু তেওঁৰ ৰাছুলে বিধিবদ্ধ কৰিছে।
  5. ইবাদত প্ৰমাণিত হ'লে সেইটো আমলত পৰিণত কৰিব লাগে। যদিও ইয়াৰ হিকমত অৱগত হওক বা নহওক। কিয়নো মানুহে নিৰ্দেশনা পালন কৰা আৰু অনুসৰণ কৰাটোৱে হৈছে এটা অন্যতম উদ্দেশ্যিত হিকমত।
  6. চৰীয়তৰ দ্বাৰা প্ৰমাণিত নোহোৱা শিল আদি যিয়ে নহওক, যিকোনো বস্তুক ইবাদতৰ নিয়্যতেৰে চুমা খাবলৈ নিষেধ কৰা হৈছে।

অনুবাদ চাওক

43 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية