1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ এইটো এটা সিৰাৰ তেজ। কেৱল সেই পৰিমাণ দিন নামাজ ত্যাগ কৰিবা যিমান পৰিমাণ দিন ইতিপূৰ্বে তোমাৰ হায়েজ হৈছিল। সেই কেইদিন পাৰ হোৱাৰ পিছত গোছল কৰিবা আৰু নামাজ পঢ়িবা।

عَنْ عَائِشَةَ أُمِّ المؤمنين رضي الله عنها أَنَّ فَاطِمَةَ بِنْتَ أَبِي حُبَيْشٍ سَأَلَتِ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَتْ:
إِنِّي أُسْتَحَاضُ فَلاَ أَطْهُرُ، أَفَأَدَعُ الصَّلاَةَ؟ فَقَالَ: «لَا، إِنَّ ذَلِكِ عِرْقٌ، وَلَكِنْ دَعِي الصَّلاَةَ قَدْرَ الأَيَّامِ الَّتِي كُنْتِ تَحِيضِينَ فِيهَا، ثُمَّ اغْتَسِلِي وَصَلِّي».

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, ফাতিমা বিন্তে আবি হুবাইশ্বে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে যে,
মোৰ অতিমাত্ৰা ৰক্তক্ষৰণ হয়, পৱিত্ৰ হ'বই নোৱাৰোঁ। এনে অৱস্থাত মই নামাজ পৰিত্যাগ কৰিব পাৰিমনে? তেখেতে ক'লেঃ "নহয়, এইটো এটা সিৰাৰ তেজ। কেৱল সেই পৰিমাণ দিন নামাজ ত্যাগ কৰিবা যিমান পৰিমাণ দিন ইতিপূৰ্বে তোমাৰ হায়েজ হৈছিল। সেই কেইদিন পাৰ হোৱাৰ পিছত গোছল কৰিবা আৰু নামাজ পঢ়িবা।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 325

ব্যাখ্যা

ফাতিমা বিন্তে আবি হুবাইশ্ব ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, মোৰ ধাৰাবাহিকভাৱে ৰক্তক্ষৰণ হৈয়ে থাকে, বন্ধ হোৱাৰ নামেই নলয়। অৰ্থাৎ হায়েজৰ বাহিৰে অন্যান্য দিনতো ৰক্তক্ষৰণ হয়ে থাকে। গতিকে এইটোক মই হায়েজ হিচাপে মানি লৈ নামাজ ত্যাগ কৰিব পাৰিমনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইক ক'লে যে, এইটো হায়েজ নহয়, ইস্তিহাজাৰ তেজ। এইটো হৈছে এক প্ৰকাৰ বেমাৰ, যিটো গৰ্ভাশয়ৰ সিৰা ফাটি যোৱাৰ ফলত ওলায়। গতিকে এইটো হায়েজৰ তেজ নহয়। এতেকে ইস্তিহাজা হোৱাৰ আগত যিটো সময়ত সাধাৰণতে তোমাৰ হায়েজ হৈছিল সেই সময়টো যেতিয়া আহিব তেতিয়া তুমি সেই পূৰ্বৱৰ্তী হায়েজ পৰিমাণ দিন গণনা কৰি সেই দিনবোৰত নামাজ ৰোজা ত্যাগ কৰিবা, কাৰণ হায়েজ অৱস্থাত এইবোৰ নিষেধ। যেতিয়া সেই পৰিমাণ দিন পাৰ হ'ব, তেতিয়া তুমি হায়েজৰ পৰা পৱিত্ৰ হোৱা বুলি বিবেচিত হ'বা। গতিকে তুমি তেজ থকা ঠাইটো ভালকৈ ধুই ল'বা আৰু সম্পূৰ্ণ শৰীৰৰ পৰা নাপাকী দূৰ কৰাকৈ পৰিপূৰ্ণৰূপে গোছল কৰি ল'বা আৰু তাৰ পিছত নামাজ পঢ়িবা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হায়েজ শেষ হোৱাৰ পিছত নাৰীসকলৰ বাবে গোছল কৰা অনিবাৰ্য।
  2. ইস্তিহাজাগ্ৰস্ত নাৰীৰ বাবে নামাজ পঢ়া অনিবাৰ্য।
  3. হায়েজ হৈছে এক প্ৰকাৰ প্ৰাকৃতিক তেজস্ৰাৱ, যিটো এজনী প্ৰাপ্তবয়স্ক নাৰীৰ গৰ্ভাশয়ৰ পৰা লজ্জাস্থানৰ মাধ্যমত ওলাই আহে। এই তেজ নিৰ্দিষ্ট দিনত ওলায়।
  4. ইস্তাহাজা হৈছে গৰ্ভাশয়ৰ নিম্নভাগৰ পৰা ওলোৱা এক প্ৰকাৰ অসাময়িক তেজস্ৰাৱ। এইটো গৰ্ভাশয়ৰ পৰা নোলায়।
  5. হায়েজ আৰু ইস্তিহাজাৰ মাজৰ পাৰ্থক্যঃ হায়েজৰ তেজ ক'লা গাঢ় আৰু গোন্ধযুক্ত হয়, আনহাতে ইস্তিহাজাৰ তেজ হৈছে ক'লা, পাতল গোন্ধ নথকা তেজ।

অনুবাদ চাওক

58 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية