1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ মই তোমালোকক দাজ্জাল সম্পৰ্কে এনেকুৱা কোনো সংবাদ নিদিমনে, যি সংবাদ কোনো নবীয়েই তেওঁলোকৰ উম্মতক দিয়া নাছিল? সেইটো হৈছে এই যে, দজ্জাল হ'ব কণা। সি নিজৰ লগত ৰাখিব জান্নাত আৰু জাহান্নামৰ দৰে বস্তু।

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«أَلاَ أُحَدِّثُكُمْ حَدِيثًا عَنِ الدَّجَّالِ، مَا حَدَّثَ بِهِ نَبِيٌّ قَوْمَهُ؟ إِنَّهُ أَعْوَرُ، وَإِنَّهُ يَجِيءُ مَعَهُ بِمِثَالِ الجَنَّةِ وَالنَّارِ، فَالَّتِي يَقُولُ إِنَّهَا الجَنَّةُ هِيَ النَّارُ، وَإِنِّي أُنْذِرُكُمْ كَمَا أَنْذَرَ بِهِ نُوحٌ قَوْمَهُ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মই তোমালোকক দাজ্জাল সম্পৰ্কে এনেকুৱা কোনো সংবাদ নিদিমনে, যি সংবাদ কোনো নবীয়েই তেওঁলোকৰ উম্মতক দিয়া নাছিল? সেইটো হৈছে এই যে, দজ্জাল হ'ব কণা। সি নিজৰ লগত ৰাখিব জান্নাত আৰু জাহান্নামৰ দৰে বস্তু। সি যিটোক জান্নাত বুলি ক'ব, সেইটোৱে হ'ব জাহান্নাম। নিশ্চয় মই তোমালোকক সতৰ্ক কৰি আছোঁ, যিদৰে নূহে নিজৰ উম্মতক সতৰ্ক কৰিছিল।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 3338

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক দাজ্জালৰ এনেকুৱা কিছুমান বৈশিষ্ট্য আৰু প্ৰতীক সম্পৰ্কে অৱগত কৰিছে, যিবোৰ পূৰ্বৱৰ্তী কোনো নবীয়েই কোৱা নাছিল। যেনেঃ
সি হ'ব কণা,
মহান আল্লাহে তাক এনেকুৱা কিবা প্ৰদান কৰিব, যিটো বাহ্যিক দৃষ্টিত জান্নাত আৰু জাহান্নামৰ দৰে দেখা যাব।
কিন্তু তাৰ জান্নাত হ'ব জাহান্নাম, আৰু জাহান্নাম হ'ব জান্নাত। যিয়ে তাৰ অনুসৰণ কৰিব, সি তাক সেই জান্নাতত প্ৰৱেশ কৰাব যিটো বাহ্যিক দৃষ্টিত জান্নাত দেখা যাব, প্ৰকৃততে সেইটো হ'ব জাহান্নাম। আনহাতে যিয়ে তাৰ অবাধ্যতা কৰিব, সি তাক সেই জাহান্নামত নিক্ষেপ কৰিব, যিটো বাহ্যিক জাহান্নামৰ দৰে দেখা যাব, প্ৰকৃততে সেইটো হ'ব উৎকৃষ্ট জান্নাত। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক দাজ্জালৰ ফিতনাৰ পৰা সতৰ্ক কৰিছে, যিদৰে নূহ আলাইহিচ্ছালামে তেওঁৰ উম্মতক সতৰ্ক কৰিছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. দাজ্জালৰ ফিতনা অতি ভয়াৱহ।
  2. দাজ্জালৰ ফিতনাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে, সঠিকভাৱে ঈমান পোষণ কৰা, আল্লাহৰ শৰণাপন্ন হোৱা, শেষ তাশ্বাহহুদত দাজ্জালৰ ফিতনাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা, আৰু ছুৰা কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰা।
  3. নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেখেতৰ উম্মতৰ বিষয়সমূহকলৈ খুবেই আগ্ৰহী আছিল। সেয়ে তেখেতে মুছলিমসকলক দাজ্জালৰ বৈশিষ্ট্য সম্পৰ্কেও অৱগত কৰিছে, যিবোৰ বৈশিষ্ট্য ইতিপূৰ্বে কোনো নবীয়ে বৰ্ণনা কৰা নাছিল।

অনুবাদ চাওক

57 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية