1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ মই তোমালোকক অৱগত নকৰামনে যে, কোনসকল লোক জান্নাতী? প্ৰত্যেক দুৰ্বল ব্যক্তি, যাক দুৰ্বল বুলি গণ্য কৰা হয়। যদি সি আল্লাহৰ শপত খায় তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰে। এইদৰে মই তোমালোকক অৱগত নকৰামনে কোনসকল লোক জাহান্নামী? প্ৰত্যেক অবাধ্য, স্বৈৰাচাৰী, অহংকাৰী ব্যক্তি হৈছে জাহান্নামী।

عَنْ حَارِثَةَ بْنِ وَهْبٍ الخُزَاعِيِّ رضي الله عنه قَالَ: سَمِعْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«أَلاَ أُخْبِرُكُمْ بِأَهْلِ الجَنَّةِ؟ كُلُّ ضَعِيفٍ مُتَضَعِّفٍ، لَوْ أَقْسَمَ عَلَى اللَّهِ لَأَبَرَّهُ، أَلاَ أُخْبِرُكُمْ بِأَهْلِ النَّارِ: كُلُّ عُتُلٍّ جَوَّاظٍ مُسْتَكْبِرٍ».

হাৰিছা বিন অহাব আল খুঝায়ী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"মই তোমালোকক অৱগত নকৰামনে যে, কোনসকল লোক জান্নাতী? প্ৰত্যেক দুৰ্বল ব্যক্তি, যাক দুৰ্বল বুলি গণ্য কৰা হয়। যদি সি আল্লাহৰ শপত খায় তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰে। এইদৰে মই তোমালোকক অৱগত নকৰামনে কোনসকল লোক জাহান্নামী? প্ৰত্যেক অবাধ্য, স্বৈৰাচাৰী, অহংকাৰী ব্যক্তি হৈছে জাহান্নামী।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 4918

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জান্নাতী আৰু জাহান্নামীসকলৰ কেইটামান বৈশিষ্ট্য বৰ্ণনা কৰিছে।
জান্নাতীসকলৰ অধিকাংশই হ'ব দুৰ্বল লোক, যিসকলক দুৰ্বল গণ্য কৰা হৈছিল। অৰ্থাৎ যিসকল আল্লাহৰ প্ৰতি বিনীত, নম্ৰ ভদ্ৰ। সেয়ে কিছুমান লোকে তেওঁলোকক দুৰ্বল বুলি গণ্য কৰে আৰু তেওঁলোকক হেও প্ৰতিপন্ন কৰে। এনেকুৱা বিনীত নম্ৰ ভদ্ৰ লোকে যদি কোনো বিষয়ত আল্লাহৰ শপত খায় তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰে আৰু তাৰ দুআ কবূল কৰি সেইটোক বাস্তৱায়ন কৰে।
জাহান্নামীসকলৰ অধিকাংশই হ'ব অবাধ্য স্বৈৰাচাৰী। «عُتُل» এনেকুৱা ব্যক্তি যিজন নিষ্ঠুৰ কঠোৰ হৃদয়ৱান, যিয়ে সদায় বাদ-বিবাদ আৰু কাজিয়াত লিপ্ত থাকে, তথা যিজন পাপকৰ্মত লিপ্ত থাকে আৰু সৎকৰ্মৰ পৰা আঁতৰি থাকে। «جواظ» এনেকুৱা ব্যক্তি যিজন অহংকাৰী, লোভী, হৃষ্টপুষ্ট শৰীৰ অধিকাৰী, চাল চলনত অহংকাৰ প্ৰকাশ পায়, লগতে বেয়া চৰিত্ৰৰ অধিকাৰী। «مستكبر» এনেকুৱা ব্যক্তি যিয়ে সত্যক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, লগতে আনক হেও প্ৰতিপন্ন কৰে আৰু তুচ্ছ জ্ঞান কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. জান্নাতীসকলৰ বৈশিষ্ট্য অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে। আনহাতে জাহান্নামীসকলৰ বৈশিষ্ট্যৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰা হৈছে।
  2. সৰ্বশক্তিমান আল্লাহৰ ওচৰত বিনীত হ'ব লাগে, তেওঁৰ আদেশ নিষেধ পালন কৰিব লাগে। সৃষ্টিয়ে কেতিয়াও অহংকাৰ কৰিব নালাগে।
  3. ইবনু হাজাৰে কৈছেঃ জান্নাতীসকলৰ বেছি ভাগ লোক এনেকুৱা হ'ব আৰু জাহান্নামীসকলৰ অধিকাংশ এনেকুৱা হ'ব বুলি হাদীছটোত যি কথা কোৱা হৈছে, ইয়াৰ দ্বাৰা এইটো বুজোৱা হোৱা নাই যে, দুয়ো ফালৰ সকলো লোক কেৱল এনেকুৱা বৈশিষ্ট্যৰে হ'ব। বৰং এনেকুৱা ধৰণৰ লোক বেছি যাব। কিন্তু ইয়াৰ দ্বাৰা দুয়ো পক্ষৰ কোনো সংখ্যাক প্ৰতিনিধিত্ব নকৰে।

অনুবাদ চাওক

51 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية