عَنْ أَبِي مُوسَى رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَثَلُ الَّذِي يَذْكُرُ رَبَّهُ وَالَّذِي لاَ يَذْكُرُ رَبَّهُ، مَثَلُ الحَيِّ وَالمَيِّتِ»، ولفظ مسلم: «مَثَلُ الْبَيْتِ الَّذِي يُذْكَرُ اللهُ فِيهِ، وَالْبَيْتِ الَّذِي لَا يُذْكَرُ اللهُ فِيهِ، مَثَلُ الْحَيِّ وَالْمَيِّتِ».

আবূ মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিটো ঘৰত আল্লাহক স্মৰণ কৰা হয় আৰু যিটো ঘৰত আল্লাহক স্মৰণ কৰা নহয়, তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 6407

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সেই ব্যক্তি দুজনৰ মাজত পাৰ্থক্য বৰ্ণনা কৰিছে, যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে। সিহঁত দুজনৰ মাজৰ পাৰ্থক্য হৈছে মৃত আৰু জীৱিত ব্যক্তিৰ দৰে। এতেকে যিয়ে আল্লাহক স্মৰণ কৰে তেওঁ হৈছে জীৱিত ব্যক্তিৰ দৰে, যাৰ বহিৰভাগ হৈছে জীৱনৰ জ্যোতিৰে সুসজ্জিত আৰু ভিতৰভাগ হৈছে জ্ঞানৰ জ্যোতিৰে আলোকিত। ইয়াত আছে তেওঁৰ বাবে উপকাৰ। পক্ষান্তৰে যিয়ে আল্লাহক স্মৰণ নকৰে, সি হৈছে মৃত ব্যক্তিৰ দৰে, যাৰ বহিৰভাগো নিষ্ক্ৰিয় আৰু ভিতৰভাগো বাতিল, যাৰ দ্বাৰা কোনো উপকাৰ নহয়।
এইদৰে সেই ঘৰকো জীৱিত বুলি আখ্যা দিয়া হৈছে, যদি ঘৰখনৰ লোকসকলে আল্লাহক স্মৰণ কৰে। অন্যথা সেইখন ঘৰ হৈছে মৃত সদৃশ। কাৰণ তাত থকা অধিবাসীসকল হৈছে আল্লাহৰ স্মৰণৰ পৰা অমোনোযোগী। ঘৰক জীৱিত মৃতৰ সৈতে তুলনা কৰাৰ দ্বাৰা তাত থকা লোকৰ অৱস্থাকহে বুজোৱা হৈছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহক স্মৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে আৰু অমনোযোগিতাৰ পৰা সতৰ্ক কৰা হৈছে।
  2. জিকৰ হৈছে ৰূহৰ জীৱন, যিদৰে ৰূহ হৈছে শৰীৰৰ জীৱন।
  3. উদাহৰণৰ জৰিয়তে কোনো এটা বিষয় ভালকৈ বুজাই দিয়াটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নীতি।
  4. ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত ঘৰত জিকৰ-আজকাৰ পাঠ কৰিবলৈ দৃষ্টি আকৰ্ষণ কৰা হৈছে। সেয়ে ঘৰত নিয়মিত জিকৰ-আজকাৰ পাঠ কৰা উচিত।
  5. ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াত এই কথা বুজা যায় যে, নেকী কৰাৰ ক্ষেত্ৰত দীৰ্ঘ আয়ু হৈছে এক প্ৰকাৰ ফজীলত স্বৰূপ। যদিও মৃত ব্যক্তিৰ বাবে আখিৰাতত কল্যাণ অপেক্ষা কৰে। কিয়নো জীৱিত ব্যক্তিয়ে এই নেক আমলৰ জৰিয়তে মৃত ব্যক্তিৰ সৈতে মিলিত হ'ব পাৰে। আনকি তাৰ নেকীও বৃদ্ধি কৰিব পাৰে।

অনুবাদ চাওক

51 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية