1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।

عَنْ أَبِي هُرَيْرَةَ رَضيَ اللهُ عنه أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَ:
«أَحَبُّ الْبِلَادِ إِلَى اللهِ مَسَاجِدُهَا، وَأَبْغَضُ الْبِلَادِ إِلَى اللهِ أَسْوَاقُهَا».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 671

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় স্থান হৈছে মছজিদ। কিয়নো এইটো হৈছে ইবাদতৰ ঘৰ আৰু ইয়াৰ ভেটি স্থাপন হৈছে তাক্বৱাৰ (আল্লাহভীতিৰ) ওপৰত। আনহাতে আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণিত স্থান হৈছে বজাৰ। কাৰণ ইয়াত বেছিভাগ সময়তে ঠগ-প্ৰৱঞ্চনা, প্ৰতাৰণা, সুত, মিছা শপত, প্ৰতিশ্ৰুতি ভংগ আৰু আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা ঘটনা সংঘটিত হৈ থাকে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মছজিদৰ পৱিত্ৰতা আৰু মৰ্যাদা উল্লেখ হৈছে, কাৰণ মছজিদত আল্লাহৰ নামহে অধিক স্মৰণ হয়।
  2. আল্লাহৰ মুহাব্বত আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিয়মিত তথা সঘনাই মছজিদত যাবলৈ উৎসাহিত কৰা হৈছে। আনহাতে প্ৰয়োজন নহ'লে বজাৰত কম যাবলৈ কোৱা হৈছে, যাতে আল্লাহৰ অসন্তুষ্টিৰ কাৰণবোৰৰ পৰা বাচি থাকিব পাৰি।
  3. ইমাম নাৱাৱীয়ে কৈছেঃ মছজিদ হৈছে সেই ঠাই, য'ত ৰহমত অৱতীৰ্ণ হয়, আনহাতে বজাৰ হৈছে ইয়াৰ বিপৰীত ঠাই।

অনুবাদ চাওক

37 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية