1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ আল্লাহে সেই ব্যক্তিৰ প্ৰতি (ৰহমতৰ) দৃষ্টি প্ৰদান নকৰিব, যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধি ফুৰে।

عَنِ ابْنِ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لاَ يَنْظُرُ اللَّهُ إِلَى مَنْ جَرَّ ثَوْبَهُ خُيَلاَءَ».

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"আল্লাহে সেই ব্যক্তিৰ প্ৰতি (ৰহমতৰ) দৃষ্টি প্ৰদান নকৰিব, যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধি ফুৰে।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 5783

ব্যাখ্যা

হাদীছটোত অহংকাৰ কৰি বা আগ্ৰহী হৈ ভৰিৰ সৰুগাঁঠিৰ তলত কাপোৰ ওলমাই পিন্ধাৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সতৰ্ক কৰিছে। যিয়ে এইদৰে কাপোৰ পৰিধান কৰে, তাৰ বিষয়ে কঠিন সতৰ্কবাণী প্ৰদান কৰা হৈছে। কাৰণ কিয়ামতৰ দিনা তাৰ প্ৰতি আল্লাহে ৰহমতৰ দৃষ্টিৰে নাচাব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. শৰীৰৰ নিম্নাংশ ঢাকিবলৈ পৰিধান কৰা প্ৰতিটো কাপোৰ ইয়াৰ অন্তৰ্ভুক্ত, সেয়া পেণ্ট হওক বা লুংগী অথবা আন কিবা।
  2. সৰুগাঁঠিৰ তলত কাপোৰ পিন্ধাৰ নিষেধাজ্ঞাটো কেৱল পুৰুষসকলৰ বাবে নিৰ্দিষ্ট। ইমাম নাৱাৱীয়ে কৈছেঃ উলামাসকল এই কথাত একমত যে, নাৰীসকলে ভৰিৰ সৰুগাঁঠিৰ তলত কাপোৰ পিন্ধিব লাগে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সঠিক সূত্ৰত প্ৰমাণিত যে, নাৰীসকলক এক হাত পৰ্যন্ত কাপোৰ দীঘল ৰাখি চোঁচৰাই নিবলৈ অনুমতি প্ৰদান কৰা হৈছে।
  3. ইবনু বাঝ ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটোৰ ব্যাপক অৰ্থই প্ৰমাণ কৰে যে, কাপোৰ চোঁচৰাই পিন্ধা হাৰাম তথা নিষিদ্ধ। কিন্তু ইয়াৰ শাস্তি সকলোৰে ক্ষেত্ৰত একে নহয়। কাৰণ যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধে আৰু যিয়ে অহংকাৰ কৰি নকৰে, উভয়ৰ মাজত পাৰ্থক্য আছে।
  4. ইবনু বাঝ ৰাহিমাহুল্লাহে কৈছেঃ নাৰী সম্পূৰ্ণৰূপে পৰ্দাৰ বস্তু। গতিকে নাৰীসকলে এবেগেত পৰিমাণ কাপোৰ চোঁচৰাই পিন্ধিলেও কোনো অসুবিধা নাই। যদি এইটোও যথেষ্ট নহয় তেন্তে এক হাত পৰিমাণ ৰাখিব পাৰে।
  5. ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ উলামাসকলে কৈছেঃ সামগ্ৰিকভাৱে প্ৰত্যেক সেই বস্তু অপছন্দনীয় যিটো প্ৰয়োজনতকৈ অতিৰিক্ত কৰা হয়, এইদৰে পোছাক পৰিচ্ছদৰ দৈৰ্ঘ্য আৰু প্ৰশস্তৰ ক্ষেত্ৰতো শালীনতাৰ অতিৰিক্ত কৰাটো অপছন্দনীয়। আল্লাহেই সৰ্বজ্ঞ।
  6. ইমাম নাৱাৱীয়ে কৈছেঃ পছন্দনীয় পৰিমাণ হৈছে, কলাফুলৰ অৰ্দ্ধেকলৈকে পৰিধানকৃত কাপোৰৰ সীমা হ'ব লাগে। সৰুগাঁঠিৰ ওপৰলৈকে পৰিধান কৰাত কোনো অসুবিধা নাই। কিন্তু ইয়াৰ তলত পৰিধান কৰিলে জাহান্নামৰ সতৰ্কবাণী দিয়া হৈছে। এতেকে কলাফুলৰ অৰ্দ্ধেকলৈকে পৰিধান কৰাটো মুস্তাহাব। কিন্তু ইয়াৰ তলত সৰুগাঁঠি পৰ্যন্ত পৰিধান কৰাটো জায়েজ। সৰুগাঁঠিৰ তলত পিন্ধাটোহে নিষিদ্ধ।
  7. ইবনে উছাইমীন ৰাহিমাহুল্লাহে হাদীছটোৰ এই বাক্য (لا ينظر الله إليه) সম্পৰ্কে কৈছেঃ অৰ্থাৎ আল্লাহে ৰহমতৰ দৃষ্টিৰে তথা দয়াৰ দৃষ্টিৰে নাচাব। ইয়াৰ দ্বাৰা সাধাৰণ দৃষ্টিপাত কৰাক বুজোৱা হোৱা নাই। কাৰণ আল্লাহৰ পৰা একোৱে গোপন নহয়, তেওঁৰ দৃষ্টিৰ পৰা কোনো বস্তু অদৃশ্য নহয়। কিন্তু ইয়াত ৰহমতৰ দৃষ্টিক বুজোৱা হৈছে।

অনুবাদ চাওক

45 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية