1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত যেতিয়া তেখেতে জিব্ৰীলৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া অত্যাধিক দান কৰিছিল।

عَنِ ابْنِ عَبَّاسٍ رضي الله عنهما قَالَ:
كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَجْوَدَ النَّاسِ، وَكَانَ أَجْوَدُ مَا يَكُونُ فِي رَمَضَانَ حِينَ يَلْقَاهُ جِبْرِيلُ، وَكَانَ يَلْقَاهُ فِي كُلِّ لَيْلَةٍ مِنْ رَمَضَانَ فَيُدَارِسُهُ القُرْآنَ، فَلَرَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَجْوَدُ بِالخَيْرِ مِنَ الرِّيحِ المُرْسَلَةِ.

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত যেতিয়া তেখেতে জিব্ৰীলৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া অত্যাধিক দান কৰিছিল। জিব্ৰীল আলাইহিচ্ছালাম ৰমাজান মাহৰ প্ৰত্যেক ৰাতিতে তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল আৰু তেখেতৰ সৈতে কোৰআন মাজীদ চৰ্চা কৰিছিল। সেই সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উৎকৃষ্ট বতাহতকৈও অধিক দ্ৰুতগতিত দান-খয়ৰাত তথা কল্যাণৰ কামত ভাগ লৈছিল।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 6

ব্যাখ্যা

মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত তেখেতে অধিক হাৰত দান কৰিছিল। অভাৱগ্ৰস্থ দুখীয়া দৰিদ্ৰ যাক যিটো লাগিছিল তেওঁ তাক সেইটোৱে দান কৰিছিল। দুটা কাৰণত তেখেতে এই মাহত অত্যাধিক দান কৰিছিলঃ
প্ৰথমঃ কাৰণ তেখেতৰ সৈতে জিব্ৰীল আলাইহিচ্ছালামে লগ কৰিছিল।
দ্বিতীয় কাৰণ, তেখেতে এই সময়ছোৱাত কোৰআন চৰ্চা কৰিছিল। অৰ্থাৎ মুখস্থ কোৰআন তিলাৱত কৰিছিল।
অৱতীৰ্ণ হোৱা কোৰআনখিনি তেখেতে জিব্ৰীল আলাইহিচ্ছালামক তিলাৱত কৰি শুনাইছিল। ইপিনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত উদাৰ তথা দানশীল আছিল, আৰু কল্যাণকৰ কৰ্মত তৎপৰ আছিল। তেখেত সৃষ্টিৰ উপকাৰৰ ক্ষেত্ৰত সেই উৎকৃষ্ট বতাহতকৈও অধিক দ্ৰুতগামী আছিল যিটো বতাহক আল্লাহে বৰষুণ অৱতীৰ্ণ কৰাৰ পূৰ্বে প্ৰেৰণ কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অত্যন্ত দানশীলতাৰ বিষয়টো উল্লেখ হৈছে। বিশেষকৈ ৰমাজান মাহত তেখেতে অধিক দান কৰিছিল। কাৰণ এইটো হৈছে নেকী কৰাৰ মাহ, কল্যাণৰ ঋতু।
  2. হাদীছটোৰ দ্বাৰা সদায় দান-খয়ৰাত কৰিবলৈ উৎসাহিত কৰা হৈছে। বিশেষকৈ ৰমাজান মাহত বেছি বেছি দান-খয়ৰাত কৰা মুস্তাহাব।
  3. ৰমাজান মাহত বেছি বেছি কোৰআন তিলাৱত কৰিব লাগে, পৰোপকাৰ কৰিব লাগে, আৰু বেছি বেছি দান-খয়ৰাত কৰিব লাগে।
  4. ইল্ম মুখস্থ ৰখাৰ অন্যতম এটা উপায় হৈছে তালিবে ইল্ম আৰু উলামাৰ সৈতে চৰ্চা কৰা।

অনুবাদ চাওক

53 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية