1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।

عَنْ عَمْرِو بْنِ الحَارِثِ خَتَنِ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَخِي أُمِّ المؤمِنين جُوَيْرِيَةَ بِنْتِ الحَارِثِ رَضِيَ اللَّهُ عَنْهُم، قَالَ:
مَا تَرَكَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عِنْدَ مَوْتِهِ دِرْهَمًا وَلاَ دِينَارًا وَلاَ عَبْدًا وَلاَ أَمَةً وَلاَ شَيْئًا، إِلَّا بَغْلَتَهُ البَيْضَاءَ، وَسِلاَحَهُ، وَأَرْضًا جَعَلَهَا صَدَقَةً.

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুলশালিয়েক আমৰ ইবনুল হাৰিছ অৰ্থাৎ উম্মুল মুমিনীন জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহাৰ ভাতৃৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।

ছহীহ (বুখাৰী) ছহীহ বুখাৰী - 2739

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মৃত্যুবৰণ কৰিছিল তেতিয়া তেখেতৰ ওচৰত কোনো দীনাৰ (স্বৰ্ণমুদ্ৰা) বা দিৰহাম (ৰৌপ্যমুদ্ৰা) নাছিল। এইদৰে কোনো দাস-দাসীও নাছিল আৰু কোনো ঘৰচীয়া পশুধন যেনে- ছাগলী, উট আদিও নাছিল। কেৱল আছিল মাত্ৰ তেখেতে বাহন হিচাপে ব্যৱহাৰ কৰা তেখেতৰ এটি গাধ, আৰু তেখেতৰ সেই অস্ত্ৰ যিটো তেখেতে ধাৰণ কৰিছিল। লগতে এৰি থৈ গৈছিল এটুকুৰা ভূমি, যিটো তেখেতে জীৱিত অৱস্থাতে পথযাত্ৰীসকলৰ বাবে ব্যয় কৰাৰ উদ্দেশ্যে ওৱাকফ কৰি থৈছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবীসকলৰ উত্তৰাধিকাৰী নহয়।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত কি কি এৰি থৈ মৃত্যুবৰণ কৰিছে, হাদীছটোত তাৰ বৰ্ণনা দিয়া হৈছে।
  3. তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত কোনো গুৰুত্বপূৰ্ণ সম্পদ এৰি যোৱা নাছিল। কাৰণ তেখেত অত্যন্ত দানশীল আছিল আৰু অত্যন্ত দয়ালু আছিল।
  4. কিৰমানীয়ে কৈছেঃ (وجعلها)ৰ ভিতৰত যিটো সৰ্বনাম আছে, সেইটোৰ দ্বাৰা কেৱল তেখেতৰ সেই দান কৰা ভূমিক বুজোৱা হোৱা নাই, বৰং ইয়াৰ ভিতৰত তেখেতৰ বাহন গাধ, অস্ত্ৰ আৰু ভূমি তিনিওটা অন্তৰ্ভুক্ত।
  5. الختن: আৰবী ভাষাত খাতান কোৱা হয়, স্ত্ৰীৰ ভাই ভনীসকলক।

অনুবাদ চাওক

29 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية