1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ যিয়ে আমানত ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো ঈমান নাই, আৰু যিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো দ্বীন নাই।

عَنْ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللَّهُ عَنْهُ قَالَ: مَا خَطَبَنَا نَبِيُّ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِلَّا قَالَ:
«لَا إِيمَانَ لِمَنْ لَا أَمَانَةَ لَهُ، وَلَا دِينَ لِمَنْ لَا عَهْدَ لَهُ».

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ সন্মুখত যেতিয়াই ভাষণ দিছে তেতিয়াই কৈছে:
"যিয়ে আমানত ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো ঈমান নাই, আৰু যিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো দ্বীন নাই।"

حسن لغيره (আহমদ) মুছনাদ আহমদ - 12383

ব্যাখ্যা

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে ভাষণ দিওঁতে এই দুটা বিষয় উল্লেখ কৰিছিলঃ প্ৰথমঃ সেই ব্যক্তি কেতিয়াও পূৰ্ণাংগ ঈমানৰ অধিকাৰী হ'ব নোৱাৰে, যিয়ে আমানতত বিশ্বাসঘাতকতা কৰে, সম্পদৰ আমানত হওক বা নফছৰ অথবা পৰিয়াল পৰিজনৰ। দ্বিতীয়ঃ সেই ব্যক্তিৰ দ্বীন পৰিপূৰ্ণ নহয়, যিয়ে প্ৰতিশ্ৰুতি তথা অঙ্গীকাৰ ভংগ কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আমানত ৰক্ষা কৰিবলৈ আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ এইবোৰ ভংগ কৰিলে ঈমান হ্ৰাস হয়।
  2. বিশ্বাসঘাতকতা আৰু প্ৰতিশ্ৰুতি ভংগৰ বিষয়ত সতৰ্ক কৰা হৈছে। কাৰণ এইটো হৈছে কাবীৰাহ গুনাহ তথা মহাপাপ।
  3. হাদীছটোত আমানত ৰক্ষা কৰাকে আদি কৰি বান্দা আৰু আল্লাহৰ মাজত থকা অঙ্গীকাৰ পূৰণ কৰাক সামৰি লোৱা হৈছে। এইদৰে বান্দাসকলৰ পৰস্পৰৰ প্ৰতিশ্ৰুতিও ইয়াৰ অন্তৰ্ভুক্ত।

অনুবাদ চাওক

35 ভাষা
EN English ইংৰাজী
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
KN ಕನ್ನಡ কান্নাড়া
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية