1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহীতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।

عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«خَيْرُ صُفُوفِ الرِّجَالِ أَوَّلُهَا، وَشَرُّهَا آخِرُهَا، وَخَيْرُ صُفُوفِ النِّسَاءِ آخِرُهَا، وَشَرُّهَا أَوَّلُهَا».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহীতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 440

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, নামাজত পুৰুষসকলৰ বাবে ছোৱাব আৰু ফজিলতৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী। কাৰণ এই শাৰী হৈছে ইমামৰ নিকটৱৰ্তী তথা তেওঁৰ কিৰাআত স্পষ্টভাৱে শুনিব পৰা শাৰী, লগতে এইটো হৈছে নাৰীসকলৰ পৰা দূৰৈত অৱস্থিত শাৰী। আনহাতে চৰীয়তৰ উদ্দেশ্যৰ পৰা দূৰৈত আৰু ছোৱাব তথা ফজিলতৰ ফালৰ পৰা নিম্নমানৰ শাৰী হৈছে শেষৰ শাৰী। পক্ষান্তৰে নাৰীসকলৰ বাবে উত্তম শাৰী হৈছে শেষৰ শাৰী। কাৰণ এইটো হৈছে তেওঁলোকৰ বাবে অধিক পৰ্দা। এইটো হৈছে পুৰুষসকলৰ পৰা দূৰত তথা সিহঁতক দেখাৰ পৰা আৰু সিহঁতৰ ফিতনাত পতিত হোৱাৰ পৰা সুৰক্ষিত শাৰী। আনহাতে নাৰীসকলৰ বাবে প্ৰথম শাৰী হৈছে বেয়া শাৰী, কাৰণ এইটো পুৰুষসকলৰ ওচৰত থাকে আৰু ফিতনা হোৱাৰ আশংকা থাকে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পুৰুষসকলক নেক কাম কৰাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আৰু নামাজত প্ৰথম শাৰীত অৱস্থান কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. পুৰুষৰ সমান্তৰালকৈ নাৰীসকলেও মছজিদত পৃথক শাৰীত থিয় হৈ নামাজ পঢ়িব পাৰে। কিন্তু শালীনতা আৰু উভয়ৰ মাজত পৰ্দা থকাটো অনিবাৰ্য।
  3. নাৰীসকলে যেতিয়া মছজিদত যাব, তেতিয়া তেওঁলোকেও পুৰুষসকলৰ দৰেই শাৰী শাৰীকৈ থিয় হ'ব। শাৰীৰ মাজত যাতে কোনো খালী ঠাই নাথাকে, বৰং খালী ঠাই পূৰ কৰি, ইজনে সিজনৰ সৈতে মিলি থিয় হ'ব লাগে। যিদৰে পুৰুষসকলে থিয় হয়।
  4. নাৰীসকলক পুৰুষসকলৰ পৰা আঁতৰত ৰাখিবলৈ চৰীয়তে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি উৎসাহিত কৰিছে, আনকি ইবাদতৰ ঠাইতো।
  5. আমল অনুসৰি মানুহৰ মৰ্যাদাও বেলেগ বেলেগ।
  6. নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ পুৰুষসকলৰ শাৰীৰ বিষয়ে দিয়া নিৰ্দেশনা সদায় প্ৰযোজ্য, তেওঁলোকৰ বাবে প্ৰথমশাৰী সদায় উত্তম, আৰু শেষৰ শাৰী নিম্ন শ্ৰেণীৰ। আনহাতে হাদীছটোত নাৰীসকলৰ শাৰী সম্পৰ্কে যিটো কথা কোৱা হৈছে সেইটো কেৱল সেই সময়ত, যেতিয়া সিহঁতে পুৰুষসকলৰ সৈতে নামাজ পঢ়ে। পক্ষান্তৰে সিহঁতে যদি পৃথকভাৱে নামাজ পঢ়ে তেন্তে সেই ক্ষেত্ৰত পুৰুষসকলৰ দৰেই প্ৰথম শাৰী হৈছে উত্তম শাৰী আৰু বেয়া শাৰী হৈছে শেষৰ শাৰী।
  7. হাদীছত প্ৰথম শাৰীৰ ফজিলতৰ সৈতে যি প্ৰশংসা কৰা হৈছে তথা উৎসাহিত কৰা হৈছে, সেইটো হৈছে ইমামৰ একেবাৰে নিকটৱৰ্তী শাৰী। প্ৰথম শাৰীত থিয় হোৱা ব্যক্তিজন আগত আহক বা পিছত। অথবা বেলেগ আন কোনো উপায়ে আহক।

অনুবাদ চাওক

52 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية