1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ যিয়ে কোনো এনেকুৱা কুকুৰ লালন-পালন কৰে, যিটো চিকাৰ কৰাৰ বাবেও ব্যৱহাৰ নহয় আৰু পোহনীয়া পশুৰ সুৰক্ষাৰ বাবেও ব্যৱহাৰ নহয়, তেনে ব্যক্তিৰ আমলৰ পৰা দৈনিক দুই কিৰাতকৈ ছোৱাব হ্ৰাস কৰা হয়।

عَنْ ابنِ عُمَرَ رَضيَ اللهُ عنهما عَنْ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«مَنِ اقْتَنَى كَلْبًا إِلَّا كَلْبَ ضَارٍ أَوْ مَاشِيَةٍ نَقَصَ مِنْ عَمَلِهِ كُلَّ يَوْمٍ قِيرَاطَانِ»، قَالَ سَالِمٌ: وَكَانَ أَبُو هُرَيْرَةَ يَقُولُ: «أَوْ كَلْبَ حَرْثٍ»، وَكَانَ صَاحِبَ حَرْثٍ.

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে কোনো এনেকুৱা কুকুৰ লালন-পালন কৰে, যিটো চিকাৰ কৰাৰ বাবেও ব্যৱহাৰ নহয় আৰু পোহনীয়া পশুৰ সুৰক্ষাৰ বাবেও ব্যৱহাৰ নহয়, তেনে ব্যক্তিৰ আমলৰ পৰা দৈনিক দুই কিৰাতকৈ ছোৱাব হ্ৰাস কৰা হয়।" ছালিমে কৈছে, আবু হুৰাইৰাহ এই কথাও কৈছিল যে, "অথবা যিটোৰ দ্বাৰা খেতি-বাতিৰ চোৱাচিতাও কৰা নহয়।" কিয়নো আবু হুৰাইৰাহ আছিল এজন খেতিয়ক।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 1574

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কুকুৰ পোহ পাল দিয়াৰ ক্ষেত্ৰত সতৰ্ক কৰিছে। কিন্তু বিশেষ প্ৰয়োজন হ'লে যেনে- চিকাৰ কৰিবলৈ, খেতি-বাতি আৰু পশু আদিৰ চোৱাচিতা কৰিবলৈ পুহিব পাৰে। ইয়াৰ বাহিৰে বিনা কাৰণত কুকুৰ পুহিলে দৈনিক নিজৰ আমলৰ পৰা দুই কিৰাতকৈ ছোৱাব হ্ৰাস হয়। আল্লাহৰ ওচৰত এইটো হৈছে এটা নিৰ্দিষ্ট পৰিমাণ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কেৱল বিশেষ কেইটামান কাৰণৰ বাহিৰে, মুছলিমৰ বাবে কুকুৰ পোহা বৈধ নহয়।
  2. কুকুৰ পুহিবলৈ এইকাৰণে নিষেধ কৰা হৈছে যে, ইয়াত বহুতো ক্ষতি আছে। উদাহৰণস্বৰূপে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত আছে যে, যি ঘৰত কুকুৰ থাকে সেই ঘৰত ৰহমতৰ ফিৰিস্তা প্ৰৱেশ নকৰে। কাৰণ তাত এনেকুৱা নাজাছাত তথা অপৱিত্ৰতা থাকে, যিটো মাটিৰে ঘঁহি পানীৰে নোধোৱালৈকে পৱিত্ৰ নহয়।

অনুবাদ চাওক

44 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية