1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া মই আৰু মোৰ দৰে এজন ল'ৰাই পানীৰ পাত্ৰ এটা দাঙি লৈ গৈছিলোঁ আৰু এটা আনাঝাহ লৈ গৈছিলোঁ, (এনেকুৱা লাঠি যিটোৰ মূৰত লোহা লগোৱা থাকে)। তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।

عَنْ أَنَسِ بْنِ مَالِكٍ رَضيَ اللهُ عنه قَالَ:
كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَدْخُلُ الْخَلَاءَ، فَأَحْمِلُ أَنَا وَغُلَامٌ نَحْوِي إِدَاوَةً مِنْ مَاءٍ وَعَنَزَةً فَيَسْتَنْجِي بِالْمَاءِ.

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া মই আৰু মোৰ দৰে এজন ল'ৰাই পানীৰ পাত্ৰ এটা দাঙি লৈ গৈছিলোঁ আৰু এটা আনাঝাহ লৈ গৈছিলোঁ, (এনেকুৱা লাঠি যিটোৰ মূৰত লোহা লগোৱা থাকে)। তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 271

ব্যাখ্যা

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মল ত্যাগৰ উদ্দেশ্যে ওলাইছিল, তেতিয়া মই আৰু মোৰ সমনীয়া এজন খাদিমে তেখেতৰ সৈতে গৈছিলোঁ। তেওঁলোকে লগত এটা বৰ্শাৰ দৰে লাঠি লৈ গৈছিল, যাতে সেইটোক তেখেতে ছুতৰাৰ বাবে পুতি সেইটোৰ ওপৰত পৰ্দা আঁৰি দিব পাৰে অথবা এইটোক নামাজৰ ছুতৰা হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। তেওঁলোকে নিজৰ সৈতে পানী ভৰ্তি এটা চামড়াৰ পাত্ৰ বহন কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মল ত্যাগ কৰাৰ পিছত এজনে সেই পাত্ৰটো তেখেতলৈ আগুৱাই দিছিল, আৰু তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. প্ৰতিজন মুছলিমে নিজৰ প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰাৰ সময়ত পৱিত্ৰতা অৰ্জনৰ বস্তুবোৰ সংগ্ৰহ কৰা উচিত। যাতে তেওঁ থিয় হ'বলগীয়া নহয়, কাৰণ ইয়াৰ ফলত তেওঁৰ শৰীৰ লেতেৰা হ'ব পাৰে।
  2. প্ৰস্ৰাৱ-পায়খানা কৰাৰ সময়ত গোপনাংগ এনেকৈ সংৰক্ষণ কৰা, যাতে কাৰো চকুত নপৰে। কাৰণ গোপনাংগৰ প্ৰতি দৃষ্টিপাত কৰা হাৰাম। সেয়ে তেখেতে লাঠি মাটিত পুতি সেইটোত কাপোৰ আঁৰি পৰ্দা কৰিছিল।
  3. শিশুসকলক ইছলামী নিয়ম-নীতি শিকাব লাগে আৰু তেওঁলোকক উত্তমৰূপে লালন-পালন কৰিব লাগে। যাতে তেওঁলোকে সঠিক শিক্ষা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰে।

অনুবাদ চাওক

36 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية