1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ কোনো ঈমান্দাৰ পুৰুষে যেন কোনো ঈমান্দাৰ নাৰীক (স্ত্ৰীক) ঘৃণা নকৰে। কাৰণ যদি তেওঁ তাইৰ কোনো এটা আচৰণত অসন্তুষ্ট হয় তেন্তে তাইৰ আন এটা আচৰণত নিশ্চয় সন্তুষ্ট হ'ব।

عَنْ أَبِي هُرَيْرَةَ رضي لله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَا يَفْرَكْ مُؤْمِنٌ مُؤْمِنَةً، إِنْ كَرِهَ مِنْهَا خُلُقًا رَضِيَ مِنْهَا آخَرَ» أَوْ قَالَ: «غَيْرَهُ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"কোনো ঈমান্দাৰ পুৰুষে যেন কোনো ঈমান্দাৰ নাৰীক (স্ত্ৰীক) ঘৃণা নকৰে। কাৰণ যদি তেওঁ তাইৰ কোনো এটা আচৰণত অসন্তুষ্ট হয় তেন্তে তাইৰ আন এটা আচৰণত নিশ্চয় সন্তুষ্ট হ'ব।" অথবা তেখেতে কৈছেঃ "বেলেগ কোনো কাৰণত"।

ছহীহ (মুছলিম) ছহীহ মুছলিম - 1469

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বামীক নিষেধ কৰিছে নিজৰ স্ত্ৰীক এনেকুৱাকৈ অপছন্দ কৰিবলৈ, যি অপছন্দই তাক তাইৰ প্ৰতি অত্যাচাৰ কৰিবলৈ, তাইক পৰিত্যাগ কৰিবলৈ আৰু তাইক উপেক্ষা কৰিবলৈ ধাৱিত কৰে। কাৰণ মানুহ সৃষ্টিগতভাৱেই অপূৰ্ণ। গতিকে যদি সি তাইৰ মাজত থকা কোনো এটা আচৰণক অপছন্দ কৰে, তেন্তে সি নিশ্চয় তাইৰ মাজত বেলেগ এটা ভাল আচৰণো দেখিবলৈ পাব। সেয়ে যিটো আচৰণক সি পছন্দ কৰে সেইটোৰ প্ৰতি সি সন্তুষ্ট হ'ব লাগে, আৰু যিটো আচৰণক সি অপছন্দ কৰে সেইটোৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰিব লাগে। ইয়াৰ ফলত সি ধৈৰ্য্যশীল হ'ব আৰু এনেকুৱা ঘৃণাৰ পৰা বিৰত থাকিব, যি ঘৃণাই তাক বিচ্ছেদৰ প্ৰতি ধাৱিত কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. স্বামী-স্ত্ৰীৰ মাজত বিবাদ সৃষ্টিৰ ক্ষেত্ৰত মুমিন ব্যক্তিক ন্যায়সিদ্ধ আৰু যুক্তিসঙ্গত মীমাংসাৰ প্ৰতি আহ্বান কৰা হৈছে। লগতে আৱেগ বা তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আহ্বান কৰিছে।
  2. মুমিনৰ বিষয়টো এনেকুৱা হোৱা উচিত যে, তেওঁ যেন মুমিনা স্ত্ৰীক এনেকৈ ঘৃণা নকৰে, যি ঘৃণাই তেওঁক তাইৰ সৈতে বিচ্ছেদ ঘটাবলৈ উৎসাহিত কৰে। বৰং এনেকুৱা পৰিস্থিতিত তেওঁ স্ত্ৰীৰ সেইবোৰ গুণৰ প্ৰতি লক্ষ্য কৰা উচিত, যিবোৰক তেওঁ ভাল পায়, আৰু অপছন্দনীয় আচৰণবোৰক আওকাণ কৰা উচিত।
  3. স্বামী-স্ত্ৰীক উত্তম আচৰণ আৰু উত্তম সাহচৰ্য্যৰ প্ৰতি উৎসাহিত কৰা হৈছে।
  4. ঈমানে উত্তম চৰিত্ৰৰ প্ৰতি আহ্বান কৰে। গতিকে মুমিন পুৰুষ আৰু মুমিনা নাৰীয়ে কেতিয়াও উত্তম চৰিত্ৰৰ পৰা ফালৰি কটা উচিত নহয়। এতেকে ঈমানৰ সৈতে উত্তম চৰিত্ৰ আৰু প্ৰশংসিত অভ্যাস থকাটো বাধ্যতামূলক।

অনুবাদ চাওক

56 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية