1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, তেতিয়া তেখেতে (প্ৰস্ৰাৱৰ উপযুক্ত ঠাই বিচাৰি নাপাই) কোনো এটা গোত্ৰৰ আৱৰ্জনা স্তুপৰ ওচৰত আহি থিয় হৈ প্ৰস্ৰাৱ কৰিলে।

عَنْ حُذَيْفَةَ رضي الله عنه قَالَ:
كُنْتُ مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَانْتَهَى إِلَى سُبَاطَةِ قَوْمٍ، فَبَالَ قَائِمًا، فَتَنَحَّيْتُ فَقَالَ: «ادْنُهْ» فَدَنَوْتُ حَتَّى قُمْتُ عِنْدَ عَقِبَيْهِ فَتَوَضَّأَ فَمَسَحَ عَلَى خُفَّيْهِ.

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, তেতিয়া তেখেতে (প্ৰস্ৰাৱৰ উপযুক্ত ঠাই বিচাৰি নাপাই) কোনো এটা গোত্ৰৰ আৱৰ্জনা স্তুপৰ ওচৰত আহি থিয় হৈ প্ৰস্ৰাৱ কৰিলে। মই অকণমান আঁতৰি থিয় হৈ আছিলোঁ। তেখেতে ক'লেঃ "ওচৰত আহি থিয় হোৱা", তেতিয়া মই ওচৰ চাপি গ'লোঁ, আনকি তেখেতৰ পিছফালে গৈ থিয় হ'লোঁ। ইয়াৰ পিছত তেখেতে অজু কৰিলে আৰু মোজাৰ ওপৰত মছেহ কৰিলে।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 273

ব্যাখ্যা

হাদীছটোত হুজাইফা ইবনুল য়ামান ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ কৰাৰ ইচ্ছা কৰিলে, তেতিয়া তেখেতে কোনো ঠাই বিচাৰি নাপাই এটা আৱৰ্জনাযুক্ত ঠাইতগৈ উপস্থিত হ'ল, য'ত মানুহে ঘৰৰ ময়লা-আৱৰ্জনা পেলাই স্তুপত পৰিণত কৰিছিল, সেই ঠাইত তেখেতে থিয় হৈ প্ৰস্ৰাৱ কৰিলে। কিন্তু তেখেতে বেছিভাগ সময়তে বহি প্ৰস্ৰাৱ কৰিছিল, এইটোৱে আছিল তেখেতৰ অভ্যাস।
তেতিয়া হুজাইফা তেখেতৰ পৰা আঁতৰি গ'ল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ ওচৰ চাপি আহা। হুজাইফা ওচৰ চাপি আহি আহি একেবাৰে তেখেতৰ পিছফালে থিয় দিলে, যাতে তেওঁৰ দ্বাৰা এটা অন্তৰায় সৃষ্টি হয়, যাৰ ফলত কাৰো দৃষ্টি যাতে এই অৱস্থাত তেখেতৰ প্ৰতি নপৰে।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰিলে। কিন্তু ভৰি ধোৱাৰ সময়ত তেখেতে মোজা নোখোলাকৈ মোজাৰ ওপৰত মছেহ কৰিলে। আৰবী ভাষাত (خف) খুফ তথা মোজা কোৱা হয়, ভৰিত পৰিধান কৰা বস্তুক, যিটো পাতল চামড়া অথবা অনুৰূপ বস্তুৰে তৈয়াৰ কৰা হয়, কিন্তু এইটো ভৰিৰ সৰুগাঁঠি ঢাকি থকা হ'ব লাগিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মোজাৰ ওপৰত মছেহ কৰাটো চৰীয়তসন্মত।
  2. থিয় হৈ প্ৰস্ৰাৱ কৰা বৈধ, কিন্তু চৰ্ত হৈছেঃ প্ৰস্ৰাৱৰ ছিটিকনি যাতে শৰীৰলৈ নাহে।
  3. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ময়লা-আৱৰ্জনাৰ স্তুপ বাচি লোৱাৰ কাৰণ হৈছে, ইয়াত প্ৰস্ৰাৱ কৰা সহজ, কাৰণ এনেকুৱা ঠাইত প্ৰস্ৰাৱ কৰিলে প্ৰস্ৰাৱৰ ছিটিকনি শৰীৰলৈ নাহে।

অনুবাদ চাওক

58 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية