1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ তুমি ইচ্ছা কৰিলে ধৈৰ্য ধাৰণ কৰিব পাৰা, ইয়াৰ ফলত তুমি জান্নাত লাভ কৰিবা। আনহাতে যদি তুমি বিচৰা তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ, যাতে তেওঁ তোমাক আৰোগ্য কৰি দিয়ে।

عَنِ ابْنِ عَبَّاسٍ رضيَ اللهُ عنهما:
أنَّهُ قَالَ لعَطَاءِ بْنِ أَبِي رَبَاحٍ: أَلَا أُرِيكَ امْرَأَةً مِنْ أَهْلِ الْجَنَّةِ؟ قُلْتُ: بَلَى، قَالَ: هَذِهِ الْمَرْأَةُ السَّوْدَاءُ، أَتَتِ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَتْ: إِنِّي أُصْرَعُ وَإِنِّي أَتَكَشَّفُ، فَادْعُ اللهَ لِي، قَالَ: «إِنْ شِئْتِ صَبَرْتِ وَلَكِ الْجَنَّةُ، وَإِنْ شِئْتِ دَعَوْتُ اللهَ أَنْ يُعَافِيَكِ» قَالَتْ: أَصْبِرُ، قَالَتْ: فَإِنِّي أَتَكَشَّفُ فَادْعُ اللهَ أَنْ لَا أَتَكَشَّفَ، فَدَعَا لَهَا.

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে,
তেওঁ আতা ইবনু ৰাবাহক কৈছিল যে, মই তোমাক এজন জান্নাতী নাৰী দেখুৱামনে? মই ক'লোঁ, হয়, নিশ্চয় দেখুৱাওক। তেওঁ ক'লেঃ দেখাত কুৎসিত এই মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মই মৃগী ৰোগত আক্ৰান্ত হোৱাৰ ফলত কেতিয়াবা অচেতন হৈ পৰোঁ, সেই সময়ত মোৰ পৰ্দা ব্যাহত হয়। গতিকে আপুনি মোৰ বাবে আল্লাহৰ ওচৰত দুআ কৰি দিয়ক। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি ইচ্ছা কৰিলে ধৈৰ্য ধাৰণ কৰিব পাৰা, ইয়াৰ ফলত তুমি জান্নাত লাভ কৰিবা। আনহাতে যদি তুমি বিচৰা তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ, যাতে তেওঁ তোমাক আৰোগ্য কৰি দিয়ে।" তেতিয়া মহিলাজনীয়ে ক'লেঃ মই ধৈৰ্য্য ধাৰণ কৰিম। লগতে মহিলাজনীয়ে ক'লেঃ যিহেতু সেই অৱস্থাত মোৰ পৰ্দা ব্যাহত হয়, গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, যাতে এইটো নহয়। তেতিয়া তেখেতে দুআ কৰি দিলে।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 2576

ব্যাখ্যা

হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে আতা ইবনে ৰাবাহক কৈছিল যে, মই তোমাক এজনী জান্নাতী মহিলা দেখুৱামনে? তেওঁ ক'লেঃ হয়, নিশ্চয়। সৌ কৃষ্ণাংগ হাবশ্বী মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মোৰ মৃগীৰোগ বা মূৰ্ছাৰোগ আছে। সেয়ে যেতিয়া মই সেই ৰোগত আক্ৰান্ত হওঁ তেতিয়া মোৰ শৰীৰৰ কিছুমান অংগ উন্মুক্ত হয়, এইটো হয় মোৰ অজানিতে। গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, তেওঁ যেন মোক এই বেমাৰৰ পৰা আৰোগ্য প্ৰদান কৰে। তেতিয়া তেখেতে ক'লেঃ তুমি ইচ্ছা কৰিলে ধৈৰ্য্য ধাৰণ কৰিব পাৰা, তেন্তে তোমাৰ বাবে জান্নাত আছে। অন্যথা মই তোমাৰ বেমাৰ নিৰাময়ৰ বাবে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ। মহিলাজনীয়ে ক'লেঃ তেন্তে মই ধৈৰ্য্য ধাৰণ কৰিম। ইয়াৰ পিছত মহিলাজনীয়ে ক'লেঃ তেন্তে আপুনি মোৰ বাবে কেৱল এইটো দুআ কৰি দিয়ক যে, মই মূৰ্ছা যোৱাৰ সময়ত যাতে বিবস্ত্ৰ হৈ নাযাওঁ। তেতিয়া তেখেতে আল্লাহৰ ওচৰত তাইৰ বাবে দুআ কৰি দিলে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পাৰ্থিৱ জীৱনৰ বিপদ আপদত ধৈৰ্য্য ধাৰণ কৰিলে জান্নাত লাভ হয়।
  2. ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, মৃগীৰোগৰ কাৰণে পৰিপূৰ্ণ ছোৱাব দান কৰা হয়।
  3. নাৰী চাহাবীয়া সকলো অত্যন্ত লজ্জাশীল আছিল আৰু তেওঁলোকে পৰ্দাৰ প্ৰতি খুবেই গুৰুত্বশীল আছিল। তেওঁলোকৰ ওপৰত আল্লাহ সন্তুষ্ট হওক। এই মহিলাজনীও সেইটোৱে বেছি ভয় কৰিছিল যে, অচেতন অৱস্থাত যাতে তেওঁৰ শৰীৰৰ কোনো অংগ উন্মুক্ত নহয়।
  4. ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ সামৰ্থ থকা ব্যক্তিয়ে অৱকাশ গ্ৰহণ কৰাতকৈ কঠিন দিশটো গ্ৰহণ কৰা উত্তম। লগতে এই ক্ষেত্ৰত দুৰ্বল হোৱা উচিত নহয়।
  5. ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, সকলো প্ৰকাৰ বেমাৰৰ ক্ষেত্ৰতে দুআ আৰু আল্লাহৰ ওচৰত কৰা আশ্ৰয় প্ৰাৰ্থনা ঔষধতকৈ অধিক কাৰ্যকৰী তথা উপকাৰী। লগতে ইয়াৰ প্ৰভাৱ আৰু শৰীৰত ইয়াৰ প্ৰতিক্ৰিয়া শাৰীৰিক ঔষধতকৈও বেছি। কিন্তু এইটো কাৰ্যকৰী হয় দুটা বস্তুৰ মাধ্যমতঃ এটা হৈছে বেমাৰীৰ ফালৰ পৰা, তেওঁৰ আন্তৰিক নিয়্যত সঠিক হ'ব লাগিব। দ্বিতীয়টো হৈছে চিকিৎসা প্ৰদানকাৰীৰ ফালৰ পৰা, তেওঁৰ মনোযোগ শক্তি থাকিব লাগিব, লগতে তাক্বৱা আৰু তাৱাক্কুলৰ দ্বাৰা তেওঁৰ অন্তৰ শক্তিশালী হ'ব লাগিব। আল্লাহেই সৰ্বজ্ঞ।
  6. ইবনু হাজাৰে কৈছেঃ ইয়াৰ দ্বাৰা এইটোও প্ৰমাণিত হয় যে, কেতিয়াবা চিকিৎসা পৰিত্যাগ কৰাও বৈধ।

অনুবাদ চাওক

36 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية