1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ মুমিন পুৰুষ আৰু মুমিনা নাৰী, নিজৰ ক্ষেত্ৰত, তেওঁৰ সন্তান-সন্ততিৰ ক্ষেত্ৰত আৰু ধন-সম্পদৰ ক্ষেত্ৰত সদায় পৰীক্ষাৰ সন্মুখীন হৈ থাকে। যাতে তেওঁ গুনাহমুক্ত হৈ আল্লাহৰ সৈতে সাক্ষাৎ কৰিব পাৰে।

عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«مَا يَزَالُ البَلاَءُ بِالمُؤْمِنِ وَالمُؤْمِنَةِ فِي نَفْسِهِ وَوَلَدِهِ وَمَالِهِ حَتَّى يَلْقَى اللَّهَ وَمَا عَلَيْهِ خَطِيئَةٌ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মুমিন পুৰুষ আৰু মুমিনা নাৰী, নিজৰ ক্ষেত্ৰত, তেওঁৰ সন্তান-সন্ততিৰ ক্ষেত্ৰত আৰু ধন-সম্পদৰ ক্ষেত্ৰত সদায় পৰীক্ষাৰ সন্মুখীন হৈ থাকে। যাতে তেওঁ গুনাহমুক্ত হৈ আল্লাহৰ সৈতে সাক্ষাৎ কৰিব পাৰে।"

হাছান (তিৰমিজী, আহমদ) ছুনান তিৰমিজী - 2399

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বিপদ-আপদ তথা পৰীক্ষা কেতিয়াও মুমিন মুুমিনাৰ লগ নেৰে, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা সন্তান-সন্ততিৰ বেমাৰ-আজাৰে হওক নাইবা মৃত্যু অথবা অবাধ্যতা আদিয়ে হওক। এইদৰে ধন-সম্পদৰ ক্ষেত্ৰত, যেনে- অভাৱ-অনাটন, ব্যৱসায়ত লোকচান, সা-সম্পত্তিৰ চুৰি, জীৱিকাৰ সংকীৰ্ণতা আদি। এইবোৰ কষ্টৰ দ্বাৰা আল্লাহে বান্দাৰ গুনাহ ক্ষমা কৰে। অৱশেত তেওঁ আল্লাহৰ ওচৰত এনেকুৱা অৱস্থাত গৈ উপস্থিত হয় যে, তেওঁ কৰা সকলো গুনাহ মোচন হৈছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুমিন বান্দাসকলৰ প্ৰতি মহান আল্লাহৰ এইটো এটা মহা অনুগ্ৰহ যে, তেওঁ বান্দাসকলৰ দুনিয়াৱী বিপদ-আপদ তথা কষ্টৰ দ্বাৰা তেওঁলোকৰ গুনাহ ক্ষমা কৰে।
  2. ঈমানৰ চৰ্তৰ সৈতে কেৱল বিপদ-আপদৰ দ্বাৰাই গুনাহ মোচন হয়। যদিহে বান্দাই ধৈৰ্য্য ধাৰণ কৰে আৰু প্ৰতিদানৰ প্ৰতি অসন্তুষ্ট নহয়।
  3. সকলো ক্ষেত্ৰতে ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে। বিষয়টো পছন্দনীয় হওক বা অপছন্দনীয়। আল্লাহে ওৱাজিব কৰা বিষয় পালনত ধৈৰ্য্য ধৰিব লাগে, এইদৰে আল্লাহে হাৰাম কৰা বিষয়ৰ পৰা বিৰত থকাৰ ক্ষেত্ৰতো ধৈৰ্য্য ধাৰণ কৰিব লাগে। লগতে আল্লাহৰ ওচৰত ছোৱাব কামনা কৰিব লাগে আৰু তেওঁৰ শাস্তিক ভয় কৰিব লাগে।
  4. হাদীছটোত "মুমিন আৰু মুমিনা" উভয় শব্দ ব্যৱহাৰ কৰি গুৰুত্ব প্ৰদান কৰা হৈছে, যদিও কেৱল মুমিন শব্দ ব্যৱহাৰ কৰিলেই যথেষ্ট আছিল। কিন্তু গুৰুত্ব বুজাবলৈ নাৰী পুৰুষ উভয়ৰ বাবে শব্দ ব্যৱহাৰ কৰিছে। গতিকে নাৰীৰ ওপৰত অহা বিপদ-আপদেও তেওঁলোকৰ গুনাহ মোচন কৰে।
  5. যিটো বস্তুৱে সময়ে সময়ে অহা বান্দাৰ মুচিবতক সহজ কৰি তোলে, সেয়া হৈছে এইবোৰ মুচিবতৰ বিনিময়ত পাবলগীয়া ছোৱাব।

অনুবাদ চাওক

52 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية