1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।

عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَا تَدْخُلُونَ الْجَنَّةَ حَتَّى تُؤْمِنُوا، وَلَا تُؤْمِنُوا حَتَّى تَحَابُّوا، أَوَلَا أَدُلُّكُمْ عَلَى شَيْءٍ إِذَا فَعَلْتُمُوهُ تَحَابَبْتُمْ؟ أَفْشُوا السَّلَامَ بَيْنَكُمْ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।

ছহীহ (মুছলিম) ছহীহ মুছলিম - 54

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জান্নাতত কেৱল মুমিন ব্যক্তিসকলেহে প্ৰৱেশ কৰিব পাৰিব। ইপিনে ঈমান পৰিপূৰ্ণ হ'বলৈ আৰু মুছলিম সমাজৰ সংশোধনৰ বাবে পৰস্পৰে মুহাব্বত ৰখাটো অনিবাৰ্য। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুহাব্বত প্ৰসাৰিত কৰিবলৈ এটা উত্তম উপায় দেখুৱাইছে। সেইটো হৈছে মুছলিমসকলৰ মাজত ছালাম প্ৰচাৰ কৰা, যিটোক আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে অভিবাদন হিচাপে নিৰ্ধাৰণ কৰিছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. জান্নাতত প্ৰৱেশ কৰিবলৈ হ'লে ঈমান অনিবাৰ্য।
  2. পৰিপূৰ্ণ ঈমানৰ অন্যতম এটা পৰিচয় হৈছে এই যে, মুছলিমে নিজৰ ভাতৃৰ বাবে সেইটোৱে পছন্দ কৰা যিটো সি নিজৰ বাবে পছন্দ কৰে।
  3. ছালাম প্ৰচাৰ কৰা আৰু মুছলিমসকলক ছালাম দিয়া মুস্তাহাব। কাৰণ ইয়াৰ দ্বাৰা মানুহৰ মাজত শান্তি বিস্তাৰ কৰে।
  4. ছালাম কেৱল মুছলমানকহে দিব লাগে। সেইকাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত "بينكم" (তোমালোকৰ মাজত) শব্দ ব্যৱহাৰ কৰিছে।
  5. ছালাম আদান-প্ৰদানৰ ফলত সম্পৰ্ক ছিন্ন, কথা-বতৰা বৰ্জন আৰু বিদ্বেষ আদি নিঃশেষ হৈ যায়।
  6. মুছলিমসকলৰ মাজত মুহাব্বতৰ গুৰুত্ব, আনকি ইয়াক ঈমানৰ পৰিপূৰ্ণতাৰ সৈতে সম্পৃক্ত কৰা হৈছে।
  7. আন এটা হাদীছত আহিছে যে, ছালামৰ সম্পূৰ্ণ বাক্য হৈছে (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ), আনহাতে কেৱল (আচ্ছালামু আলাইকুম) ক'লেও যথেষ্ট হ'ব।

অনুবাদ চাওক

58 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية