1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ মুছলিমৰ লুংগী বা পৰিধানকৃত কাপোৰ ভৰিৰ কলাফুললৈকে থাকিব লাগে। এইদৰে সৰুগাঁঠিলৈকে পৰিধান কৰিলেও কোনো অসুবিধা নাই বা কোনো গুনাহ নহয়। কিন্তু সৰুগাঁঠিৰ তলত পিন্ধিলে সেইটো জাহান্নামত যাব। যিয়ে অহংকাৰ কৰি নিজৰ পৰিধানকৃত কাপোৰ চোঁচৰাই পিন্ধে, তাৰ প্ৰতি আল্লাহে অকণো ভ্ৰূক্ষেপ নকৰিব।

عَنْ أبي سَعيدٍ الخُدريَّ رضي الله عنه قال: قال رسولُ الله صلَّى الله عليه وسلم ِ:
«إزْرَةُ المُسْلمِ إلى نصفِ السَّاق، وَلَا حَرَجَ -أو لا جُنَاحَ- فيما بينَهُ وبينَ الكعبينِ، وما كان أسفلَ منَ الكعبين فهو في النار، مَن جرَّ إزارَهُ بطرًا لم يَنْظُرِ اللهُ إليه».

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মুছলিমৰ লুংগী বা পৰিধানকৃত কাপোৰ ভৰিৰ কলাফুললৈকে থাকিব লাগে। এইদৰে সৰুগাঁঠিলৈকে পৰিধান কৰিলেও কোনো অসুবিধা নাই বা কোনো গুনাহ নহয়। কিন্তু সৰুগাঁঠিৰ তলত পিন্ধিলে সেইটো জাহান্নামত যাব। যিয়ে অহংকাৰ কৰি নিজৰ পৰিধানকৃত কাপোৰ চোঁচৰাই পিন্ধে, তাৰ প্ৰতি আল্লাহে অকণো ভ্ৰূক্ষেপ নকৰিব।"

ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ) ছুনান আবি দাঊদ - 4093

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, মুছলিম পুৰুষে শৰীৰৰ তলভাগত পৰিধান কৰা কাপোৰৰ অৱস্থা হৈছে তিনিটাঃ প্ৰথমঃ মুস্তাহাব তথা পছন্দনীয় হৈছে কলাফুল পৰ্যন্ত পৰিধান কৰা। দ্বিতীয়ঃ অপছন্দ নোহোৱাকৈ বৈধ, সেয়া হৈছে ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকে পৰিধান কৰা। আৰবী ভাষাত ভৰিৰ পতাৰ সৈতে কলাফুলক সংযুক্ত কৰা গাঁঠিক (الكعب) বোলে, যিটো ভৰিৰ পতাৰ সোঁফালে ওলাই থাকে। তৃতীয়ঃ হাৰাম। ভৰিৰ সৰু গাঁঠিৰ তলত কাপোৰ পিন্ধা হাৰাম, লগতে জুইয়ে স্পৰ্শ কৰাৰ আশংকা আছে। আনহাতে যদি অহংকাৰ কৰি আৰু আনন্দিত হৈ তথা অবাধ্যতা কৰি পিন্ধে তেন্তে আল্লাহে তাৰ প্ৰতি ৰহমতৰ দৃষ্টিপাত নকৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই বৈশিষ্ট্য আৰু সতৰ্কবাণী কেৱল পুৰুষসকলৰ বাবে নিৰ্দিষ্ট। নাৰীসকল ইয়াৰ পৰা ব্যতিক্ৰম। কাৰণ সিহঁতক গোটেই শৰীৰ ঢাকি ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
  2. তলত পৰিধান কৰা প্ৰতিটো কাপোৰেই ইঝাৰৰ অন্তৰ্ভুক্ত। পেণ্ট, লুংগী, পায়জামা আদি। এই সকলোবোৰ উক্ত হাদীছটোত উল্লিখিত চৰীয়তি বিধানৰ অন্তৰ্ভুক্ত।

অনুবাদ চাওক

44 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
YO Yorùbá ইউৰোবা
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية