1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআটোও পাঠ কৰিছিলঃ "আল্লাহুম্মাগফিৰলী জাম্বী কুল্লাহ, দিক্কাহু অজিল্লাহ, ওৱা আওৱালাহু ওৱা আখিৰাহ, ওৱা আলানিয়্যাতাহু অছিৰ্ৰাহ।" (অৰ্থঃ হে আল্লাহ! মোৰ সৰু বৰ, আগৰ পিছৰ, প্ৰকাশ্য অপ্ৰকাশ্য সকলো গুনাহ ক্ষমা কৰি দিয়া।)

عَنْ أَبِي هُرَيْرَةَ رضي الله عنه:
أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ يَقُولُ فِي سُجُودِهِ: «اللهُمَّ اغْفِرْ لِي ذَنْبِي كُلَّهُ دِقَّهُ، وَجِلَّهُ، وَأَوَّلَهُ وَآخِرَهُ وَعَلَانِيَتَهُ وَسِرَّهُ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআটোও পাঠ কৰিছিলঃ "আল্লাহুম্মাগফিৰলী জাম্বী কুল্লাহ, দিক্কাহু অজিল্লাহ, ওৱা আওৱালাহু ওৱা আখিৰাহ, ওৱা আলানিয়্যাতাহু অছিৰ্ৰাহ।" (অৰ্থঃ হে আল্লাহ! মোৰ সৰু বৰ, আগৰ পিছৰ, প্ৰকাশ্য অপ্ৰকাশ্য সকলো গুনাহ ক্ষমা কৰি দিয়া।)

ছহীহ (মুছলিম) ছহীহ মুছলিম - 483

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআ পাঠ কৰিছিল, ইয়াৰ ভাৱাৰ্থ হৈছেঃ (اللهم اغفر لي ذنبي) হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া, পৰ্দা কৰি দিয়া, মোচন কৰি দিয়া তথা মাৰ্জনা কৰি দিয়া আৰু ইয়াৰ শাস্তিৰ পৰা ৰক্ষা কৰা। (كله) সকলো, (دِقّه) সৰু হওক বা কম হওক। (وجِلّه) ডাঙৰ হওক বা অধিক হওক। (وأوله) আগৰ গুনাহ (وآخره) আৰু পিছৰ গুনাহ। (علانيته وسره) প্ৰকাশ্য অপ্ৰকাশ্য, যি সম্পৰ্কে একমাত্ৰ তুমিয়ে জানা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ইবনুল কায়্যিম ৰাহিমাহুল্লাহে কৈছেঃ সকলো ধৰণৰ গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰিব লাগে, সৰু হওক বা ডাঙৰ, প্ৰকাশ্য হওক বা অপ্ৰকাশ্য, আগৰ হওক বা পিছৰ, মুঠতে বান্দাই যি গুনাহ সম্পৰ্কে নিজে জানে আৰু যিটোৰ বিষয়ে সি নাজানে, সেই সকলো প্ৰকাৰ গুনাহৰ পৰা তাওবা কৰিব লাগে।
  2. কোৱা হৈছে যে, ডাঙৰ গুনাহৰ আগত সৰু গুনাহৰ কথা প্ৰথমে উল্লেখ কৰাৰ কাৰণ হৈছে, সাধাৰণতে মানুহে কিবা সুধিলে সৰুৰ পৰা লাহে লাহে ওপৰলৈ যায়। লগতে এইটোও এটা কাৰণ যে, সৰু গুনাহৰ ওপৰত অটল থকাৰ কাৰণে আৰু ইয়াক আওকাণ কৰাৰ কাৰণেই ডাঙৰ গুনাহ হয়। এতেকে সৰু গুনাহ হৈছে ডাঙৰ গুনাহৰ অন্যতম এটা মাধ্যম। এইকাৰণে প্ৰথমে মাধ্যমটোৰ কথা উল্লেখ কৰি ইয়াক নিৰ্মূল কৰাৰ কথা কোৱা হৈছে।
  3. গুনাহ সৰু হওক বা ডাঙৰ, সকলো প্ৰকাৰ গুনাহৰ পৰা আল্লাহৰ ওচৰত কাকূতি মিনতি কৰি ক্ষমা প্ৰাৰ্থনা কৰিব লাগে।
  4. ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াত দুআ কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে, তথা অধিক শব্দৰ জৰিয়তে দুআ কৰিবলৈ শিকাইছে, যদিও কম শব্দতে সেয়া প্ৰকাশ হয়।

অনুবাদ চাওক

45 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية