1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)

عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«رَغِمَ أَنْفُ رَجُلٍ ذُكِرْتُ عِنْدَهُ فَلَمْ يُصَلِّ عَلَيَّ، وَرَغِمَ أَنْفُ رَجُلٍ دَخَلَ عَلَيْهِ رَمَضَانُ ثُمَّ انْسَلَخَ قَبْلَ أَنْ يُغْفَرَ لَهُ، وَرَغِمَ أَنْفُ رَجُلٍ أَدْرَكَ عِنْدَهُ أَبَوَاهُ الكِبَرَ فَلَمْ يُدْخِلاَهُ الجَنَّةَ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)

ছহীহ (তিৰমিজী, আহমদ) ছুনান তিৰমিজী - 3545

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তিনি প্ৰকাৰ লোকৰ বাবে বদ্দুআ কৰিছে যে, সিহঁতৰ নাক অপমান অপদস্থ হৈ ধূলিময় হওক। প্ৰথম প্ৰকাৰঃ এনেকুৱা ব্যক্তি যাৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম লোৱা হৈছে, কিন্তু সি তেখেতৰ নাম শুনিও দৰূদ পাঠ কৰা নাই। অৰ্থাৎ চাল্লাল্লাহু আলাইহি অছাল্লাম বা এনেকুৱা কোনো বাক্য কোৱা নাই। দ্বিতীয় প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে ৰমাজান মাহ পোৱাৰ পিছতো নেক আমল কৰি নিজৰ গুনাহ খাতা মাফ কৰিব পৰা নাই। তৃতীয় প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইছে, তথাপিও সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই। বৰং সি তেওঁলোকৰ অবাধ্যতাহে কৰিছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ছিন্ধী ৰাহিমাহুল্লাহে কৈছেঃ মুঠতে ইয়াত উল্লেখিত প্ৰতিজন ব্যক্তিয়ে এটাকৈ সুবৰ্ণ সুযোগ পাইছিল। যিটোৰ দ্বাৰা সিহঁত পৰিপূৰ্ণৰূপে উপকৃত হ'ব পাৰিলেহেঁতেন। কিন্তু সিহঁতে সেই সুযোগৰ সদ্ব্যৱহাৰ কৰা নাছিল, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে আৰু বিফল হৈছে।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম উল্লেখ হ'লেই তেখেতৰ প্ৰতি দৰূদ পাঠ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  3. ৰমাজান মাহত অধিক পৰিমাণে ইবাদত কৰিবলৈ উৎসাহিত কৰা হৈছে।
  4. পিতৃ-মাতৃৰ সেৱা যত্ন কৰিবলৈ আৰু তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে, বিশেষকৈ বৃদ্ধাৱস্থাত।

অনুবাদ চাওক

46 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية