1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. জীৱনী আৰু ইতিহাস

হাদীছ মোক অভিসম্পাতকাৰীৰূপে প্ৰেৰণ কৰা হোৱা নাই, বৰং মোক ৰহমত হিচাপেহে প্ৰেৰণ কৰা হৈছে।

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قِيلَ: يَا رَسُولَ اللهِ ادْعُ عَلَى المُشْرِكِينَ قَالَ:
«إِنِّي لَمْ أُبْعَثْ لَعَّانًا، وَإِنَّمَا بُعِثْتُ رَحْمَةً».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ কোৱা হ'ল যে, হে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম! আপুনি মুশ্বৰিকসকলৰ ওপৰত বদ্দুআ কৰক, তেতিয়া তেখেতে ক'লেঃ
"মোক অভিসম্পাতকাৰীৰূপে প্ৰেৰণ কৰা হোৱা নাই, বৰং মোক ৰহমত হিচাপেহে প্ৰেৰণ কৰা হৈছে।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 2599

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰা হৈছিল যে, আপুনি আল্লাহৰ ওচৰত এই মুশ্বৰিকসকলৰ বাবে বদ্দুআ কৰক। তেতিয়া তেখেতে কৈছিলঃ মই আল্লাহৰ ফালৰ পৰা অভিসম্পাতকাৰীৰূপে প্ৰেৰিত হোৱা নাই যে, মই মানুহৰ প্ৰতি বদ্দুআ কৰিম আৰু সিহঁতক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই দিম, আৰু সিহঁতক কল্যাণৰ পৰা বঞ্চিত কৰিম। মোক এই উদ্দেশ্যে প্ৰেৰণ কৰা হোৱা নাই। বৰং মোক প্ৰেৰণ কৰা হৈছে যাতে মই মানুহৰ বাবে, বিশেষকৈ মুমিনসকলৰ বাবে কল্যাণ আৰু ৰহমতৰ কাৰণ হ'ব পাৰোঁ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল পূৰ্ণাংগ চৰিত্ৰৰ অধিকাৰী।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অৱলম্বন কৰি নিজৰ জিভাক গালি-শপনি আৰু অভিসম্পাত আদিৰ পৰা পৱিত্ৰ ৰাখিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।
  3. হাদীছটোত অভিশাপ কৰিবলৈ নিষিদ্ধ কৰা হৈছে।
  4. মানুহৰ প্ৰতি দয়া-অনুগ্ৰহ কৰিবলৈ উৎসাহিত কৰা হৈছে।

অনুবাদ চাওক

29 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية