1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে জুমুআৰ দিনা গোছল কৰা ওৱাজিব। লগতে মিছৱাক কৰা উচিত আৰু সুগন্ধি থাকিলে সেয়া ব্যৱহাৰ কৰা উচিত।

عَنْ عَمْرِو بْنُ سُلَيْمٍ الأَنْصَارِيُّ قَالَ: أَشْهَدُ عَلَى أَبِي سَعِيدٍ قَالَ: أَشْهَدُ عَلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«الغُسْلُ يَوْمَ الجُمُعَةِ وَاجِبٌ عَلَى كُلِّ مُحْتَلِمٍ، وَأَنْ يَسْتَنَّ، وَأَنْ يَمَسَّ طِيبًا إِنْ وَجَدَ».

আমৰ ইবনু ছুলাইম আল-আনচাৰীয়ে কৈছে, মই সাক্ষ্য দিওঁ যে, আবু ছাঈদ খুদৰীয়ে কৈছে, তেওঁ কৈছে, মই সাক্ষ্য দিওঁ যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে জুমুআৰ দিনা গোছল কৰা ওৱাজিব। লগতে মিছৱাক কৰা উচিত আৰু সুগন্ধি থাকিলে সেয়া ব্যৱহাৰ কৰা উচিত।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 880

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাহি অছাল্লামে জুমুআৰ দিনা গোছল কৰিবলৈ গুৰুত্ব প্ৰদান কৰিছে। জুমুআ ওৱাজিব হোৱা প্ৰতিজন প্ৰাপ্তবয়স্ক মুছলিমৰ বাবে গোছল কৰা জৰুৰী। মিছৱাক আদিৰ জৰিয়তে দাঁত চাফা কৰিব লাগে। ভাল সুগন্ধিমূলক আতৰ ব্যৱহাৰ কৰিব লাগে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. প্ৰতিজন প্ৰাপ্তবয়স্ক মুছলিমকে জুমুআৰ দিনা গোছল কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।
  2. পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু দুৰ্গন্ধ আদি দূৰ কৰাটো প্ৰতিজন মুছলিমৰ ওচৰতেই চৰীয়তৰ দাবী।
  3. জুমুআৰ দিনটোক সন্মান কৰিব লাগে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি লব লাগে।
  4. জুমুআৰ দিনা মিছৱাক কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।
  5. জুমুআৰ বাবে ওলোৱাৰ আগতে ভাল সুগন্ধিমূলক আতৰ ব্যৱহাৰ কৰা মুস্তাহাব।
  6. নাৰী যেতিয়া ঘৰৰ পৰা ওলায়, নামাজৰ কাৰণেই হওক বা বেলেগ কোনো কাৰণত, তেতিয়া তাইৰ বাবে সুগন্ধি ব্যৱহাৰ কৰা বৈধ নহয়। হাদীছৰ দ্বাৰা এইটো নিষিদ্ধ প্ৰমাণিত।
  7. হাদীছটোত মুহতালিম শব্দৰ দ্বাৰা প্ৰাপ্ত বয়স্কক বুজোৱা হৈছে। কেইবাটাও সংকেতৰ জৰিয়তে প্ৰাপ্তবয়স্ক প্ৰমাণিত হয়। তাৰে তিনিটা নাৰী পুৰুষ উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য। প্ৰথমঃ পোন্ধৰ বছৰ পূৰ্ণ হোৱা। দ্বিতীয়ঃ লজ্জাস্থানৰ আশে-পাশে নোম গজা। তৃতীয়ঃ সপোনতে হওক বা কাম উত্তেজনাতে হওক বীৰ্য ওলোৱা। আনহাতে চতুৰ্থ আলামতটো হৈছে নাৰীসকলৰ বাবে বিশেষ। সেইটো হৈছেঃ হায়েজ। হায়েজ আৰম্ভ হ'লেই নাৰী প্ৰাপ্তবয়স্কা বুলি বিবেচিত হ'ব।

অনুবাদ চাওক

57 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية