1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।

عَنْ أَنَسٍ رَضيَ اللهُ عنه قَالَ:
مِنَ السُّنَّةِ إِذَا قَالَ الْمُؤَذِّنُ فِي أَذَانِ الْفَجْرِ حَيَّ عَلَى الْفَلَاحِ، قَالَ: الصَّلَاةُ خَيْرٌ مِنَ النَّوْمِ.

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।

ছহীহ رواه ابن خزيمة والدارقطني والبيهقي صحيح ابن خزيمة - 386

ব্যাখ্যা

আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ছুন্নতত যিবোৰ বিষয়ৰ অনুমোদন দিছিল, তাৰ মাজত এইটোও আছে যে, বিশেষকৈ ফজৰৰ আজানত মুআজ্জিনে "হায়্যা আলাল ফালাহ"ৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম" (টোপনিতকৈ নামাজ শ্ৰেষ্ঠ) বুলি কোৱা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছৰ শব্দ (من السنة) অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত। সেয়ে ইয়াৰ বিধান হৈছে মাৰফু। অৰ্থাৎ এই নিৰ্দেশনাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে সম্পৃক্ত।
  2. ফজৰৰ আজানত "হায়্যা আলাল ফালাহ"ৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম" (টোপনিতকৈ নামাজ শ্ৰেষ্ঠ) বুলি দুবাৰকৈ কোৱা মুস্তাহাব। কাৰণ ফজৰৰ নামাজ সাধাৰণতে এনেকুৱা সময়ত পঢ়া হয় যিটো সময়ত অধিকাংশ মানুহ টোপনিত থাকে আৰু টোপনিৰ পৰা উঠি নামাজ পঢ়িবলগীয়া হয়। সেয়ে ইয়াৰ দ্বাৰা ফজৰৰ নামাজক অন্যতম এটা বিশেষত্ব প্ৰদান কৰা হৈছে যিটো বেলেগ কোনো নামাজক দিয়া হোৱা নাই।

অনুবাদ চাওক

36 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية