1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ আল্লাহৰ পথত এদিন সীমান্তৰ প্ৰহৰী হৈ কটোৱাটো পৃথিৱীতকৈ আৰু পৃথিৱীৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম।

عَنْ سَهْلِ بْنِ سَعْدٍ السَّاعِدِيِّ رَضِيَ اللَّهُ عَنْهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«رِبَاطُ يَوْمٍ فِي سَبِيلِ اللَّهِ خَيْرٌ مِنَ الدُّنْيَا وَمَا عَلَيْهَا، وَمَوْضِعُ سَوْطِ أَحَدِكُمْ مِنَ الجَنَّةِ خَيْرٌ مِنَ الدُّنْيَا وَمَا عَلَيْهَا، وَالرَّوْحَةُ يَرُوحُهَا العَبْدُ فِي سَبِيلِ اللَّهِ أَوِ الغَدْوَةُ خَيْرٌ مِنَ الدُّنْيَا وَمَا عَلَيْهَا».

ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"আল্লাহৰ পথত এদিন সীমান্তৰ প্ৰহৰী হৈ কটোৱাটো পৃথিৱীতকৈ আৰু পৃথিৱীৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম। জান্নাতত তোমালোকৰ এক চাবুক পৰিমাণ স্থানো পৃথিৱীতকৈ আৰু পৃথিৱীৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম। আল্লাহৰ পথত এটি পুৱা অতিবাহিত কৰা বা এটি গধূলি পাৰ কৰাটো পৃথিৱীতকৈ আৰু ইয়াৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 2892

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুছলিমসকলক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ নিষ্ঠা সহকাৰে আল্লাহৰ উদ্দেশ্যে দৃঢ়ভাৱে এটা দিন পাৰ কৰাৰ প্ৰতিদান হৈছে পৃথিৱী আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তুতকৈ উত্তম। এইদৰে মুজাহিদে জিহাদত ব্যৱহাৰ কৰা এটা চাবুকৰ সমান জান্নাতৰ ঠাই গোটেই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তুতকৈ উত্তম। এইদৰে পুৱাৰ পৰা দুপৰীয়ালৈকে অথবা দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে আল্লাহৰ পথত অতিবাহিত কৰাটো পৃথিৱী আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তুতকৈ উত্তম।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহৰ পথত সীমান্ত পহৰা দিয়াৰ গুৰুত্ব অধিক, কাৰণ ইয়াত প্ৰাণৰ ভয় থাকে, আল্লাহৰ কলিমা সুউচ্চ কৰি ৰখা আৰু দ্বীনৰ সহায় কৰাৰ বিষয় জৰিত থাকে। সেয়ে এদিনৰ ছোৱাব হৈছে দুনিয়া আৰু ইয়াত থকা সকলো বস্তুতকৈ উত্তম।
  2. আখিৰাতৰ তুলনাত পৃথিৱী হৈছে একেবাৰে নগণ্য তথা তুচ্ছ। কিয়নো জান্নাতৰ এটা চাবুক পৰিমাণ ঠাই হৈছে পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তুতকৈ উত্তম।
  3. হাদীছটোত আল্লাহৰ পথত জিহাদ কৰাৰ ফজীলত আৰু ইয়াৰ মহা ছোৱাব বৰ্ণিত হৈছে। কিয়নো এই পথত পুৱাৰ অথবা গধূলিৰ এটা প্ৰহৰ কটোৱাৰ ছোৱাব হৈছে পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তুতকৈ উত্তম।
  4. হাদীছটোত "ফী ছাবীলিল্লাহ" বুলি কৈ ইখলাচৰ গুৰুত্ব বুজোৱা হৈছে। এই ইখলাচ অনুসৰিয়ে ছোৱাব প্ৰদান কৰা হ'ব।

অনুবাদ চাওক

39 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
KN ಕನ್ನಡ কান্নাড়া
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية