1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ তোমালোকৰ মাজৰ কোনোবাই যদি অজু কৰি মোজা পৰিধান কৰে, তেন্তে তেওঁ যেন সেই মোজাৰ ওপৰত মছেহ কৰে। এই মোজা পৰিধান কৰিয়ে তেওঁ নামাজ পঢ়িব পাৰিব। আনহাতে ডাঙৰ নাপাকী নোহোৱাকৈ এইটো খোলাৰ প্ৰয়োজন নাই।

عَنْ أَنَسٍ رضي الله عنه أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِذَا تَوَضَّأَ أَحَدُكُمْ وَلَبِسَ خُفَّيْهِ فَلْيُصَلِّ فِيهِمَا، وَلْيَمْسَحْ عَلَيْهِمَا ثُمَّ لَا يَخْلَعْهُمَا إِنْ شَاءَ إِلَّا مِنْ جَنَابَةٍ».

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"তোমালোকৰ মাজৰ কোনোবাই যদি অজু কৰি মোজা পৰিধান কৰে, তেন্তে তেওঁ যেন সেই মোজাৰ ওপৰত মছেহ কৰে। এই মোজা পৰিধান কৰিয়ে তেওঁ নামাজ পঢ়িব পাৰিব। আনহাতে ডাঙৰ নাপাকী নোহোৱাকৈ এইটো খোলাৰ প্ৰয়োজন নাই।"

ছহীহ (দাৰু কুতনী) ছুনান দাৰু কুতনী - 781

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা উল্লেখ কৰিছে যে, যদি কোনো মুছলিম ব্যক্তিয়ে অজু কৰাৰ পিছত মোজা পৰিধান কৰে, ইয়াৰ পিছত অজু ভংগ হোৱাৰ ফলত তেওঁ অজু কৰিব বিচাৰিলে সেই মোজাৰ ওপৰতে মছেহ কৰিব পাৰিব। লগতে নিৰ্দিষ্ট সময় পৰ্যন্ত এই মোজা নোখোলাকৈয়ে নামাজ পঢ়িব পাৰিব। কিন্তু যদি গোছল ফৰজ হয় তেন্তে মোজা খুলিব লাগিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পূৰ্ণাংগৰূপে পৱিত্ৰতা অৰ্জন কৰাৰ পিছত মোজা পৰিধান কৰিলেহে সেই মোজাৰ ওপৰত মছেহ কৰা বৈধ।
  2. মুকীমৰ বাবে মছেহৰ সময়সীমা হৈছে, এদিন এক ৰাতি। আনহাতে মুছাফিৰৰ বাবে সময়সীমা হৈছে তিনিদিন তিনি ৰাতি।
  3. মোজাৰ ওপৰত মছেহ কেৱল সৰু নাপাকীৰ ক্ষেত্ৰতহে নিৰ্দিষ্ট, ডাঙৰ নাপাকীৰ ক্ষেত্ৰত নহয়। কিয়নো ডাঙৰ নাপাকীৰ ক্ষেত্ৰত মছেহ কৰা বৈধ নহয়। এই ক্ষেত্ৰত মোজা খুলি ভৰি ধোৱাটো অনিবাৰ্য।
  4. ইয়াহুদীসকলৰ বিৰোধিতা কৰি চামৰাৰ মোজা পৰিধান কৰি বা জোতা পিন্ধি নামাজ পঢ়া মুস্তাহাব, যদিহে জোতাত কোনো ধৰণৰ অপৱিত্ৰতা লাগি নাথাকে। লগতে মুচল্লীসকলৰ বাবে আৰু মছজিদৰ বাবে যাতে ক্ষতিকৰ নহয়। উদাহৰণস্বৰূপে কালিন পাৰি থোৱা মছজিদত পঢ়া উচিত নহয়।
  5. মোজাৰ ওপৰত মছেহ কৰাৰ অনুমতিটো হৈছে এই উম্মতৰ বাবে এক প্ৰকাৰ সকাহ তথা সুবিধা।

অনুবাদ চাওক

51 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية