عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: إِنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ:
«إِذَا شَرِبَ الْكَلْبُ فِي إِنَاءِ أَحَدِكُمْ فَلْيَغْسِلْهُ سَبْعًا». ولمسلم: « أولاهُنَّ بالتُراب».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ পাত্ৰৰ পৰা যদি কুকুৰে সেৱন কৰে তেন্তে সেই পাত্ৰটো সাতবাৰ ধুই ল'বা।" মুছলিমৰ বৰ্ণনাত আছে যে, "প্ৰথমে মাটিৰে ঘঁহিবা।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 172

ব্যাখ্যা

যদি কুকুৰে কোনো পাত্ৰত মুখ দিয়ে তেন্তে সেই পাত্ৰটোক সাতবাৰ ধুবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে। প্ৰথমে সেইটোক মাটিৰে ঘঁহিব দিছে, তাৰ পিছত পানীৰে ধুব লাগে। তেতিয়াহে পৰিপূৰ্ণৰূপে অপৱিত্ৰতাৰ পৰা আৰু অনিষ্টকৰ বীজাণুৰ পৰা পৰিষ্কাৰ হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কুকুৰৰ মুখৰ পানী অপৱিত্ৰ, ঘোৰ অপৱিত্ৰ।
  2. কুকুৰে পাত্ৰ চেলেকিলেই অপৱিত্ৰ হৈ যায়, তাত থকা পানীও অপৱিত্ৰ হয়।
  3. মাটিৰে ঘঁহি সাতবাৰ ধুই পৰিষ্কাৰ কৰাটো হৈছে কেৱল কুকুৰে চেলেকাৰ সৈতে নিৰ্দিষ্ট। কিন্তু কুকুৰে প্ৰস্ৰাৱ কৰিলে বা কুকুৰৰ শৰীৰৰ অন্য কোনো অপৱিত্ৰতা এই পদ্ধতিৰে দূৰ নহয়।
  4. মাটিৰে পাত্ৰটো পৰিষ্কাৰ কৰাৰ পদ্ধতি হৈছে, পাত্ৰটোত অকণমান পানী লৈ তাত মাটি দি ঘঁহি ঘঁহি পৰিষ্কাৰ কৰা।
  5. সকলো প্ৰকাৰ কুকুৰ এই হাদীছৰ অন্তৰ্ভুক্ত। আনকি সেইবোৰ কুকুৰো ইয়াৰ অন্তৰ্ভুক্ত যিবোৰ লালন-পালন কৰাৰ অনুমতি চৰীয়তে প্ৰদান কৰিছে। যেনে- চিকাৰ কৰিবলৈ, পহৰা দিবলৈ ৰখা কুকুৰ, আৰু জীৱ-জন্তুৰ পালৰ সৈতে ৰখা কুকুৰ।
  6. মাটিৰ সৈতে চাবোন শ্বেম্পু আদিৰ তুলনা নহয়। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মাটিৰে ঘঁহিবলৈ নিৰ্দেশ দিছে।

অনুবাদ চাওক

53 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية