1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ প্ৰাক-বীৰ্যপাত তৰল পদাৰ্থ সঘনাই নিৰ্গত হোৱা বেমাৰত মই আক্ৰান্ত আছিলোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱাই হোৱাৰ কাৰণে বিষয়টো সম্পৰ্কে তেখেতক সুধিবলৈ লাজ কৰিছিলোঁ। সেয়ে মই মিক্বদাদ ইবনুল আছৱাদক এই বিষয়ে সুধিবলৈ ক'লোঁ, তেওঁ সোধাত তেখেতে ক'লেঃ "এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ধুই লব আৰু অজু কৰিব লাগিব।

عَنْ عَلِيٍّ رضي الله عنه قَالَ:
كُنْتُ رَجُلًا مَذَّاءً وَكُنْتُ أَسْتَحْيِي أَنْ أَسْأَلَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لِمَكَانِ ابْنَتِهِ فَأَمَرْتُ الْمِقْدَادَ بْنَ الْأَسْوَدِ فَسَأَلَهُ فَقَالَ: «يَغْسِلُ ذَكَرَهُ وَيَتَوَضَّأُ». وَلِلبُخَاريِّ: فَقَالَ: «تَوَضَّأْ وَاغْسِلْ ذَكَرَكَ».

আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
প্ৰাক-বীৰ্যপাত তৰল পদাৰ্থ সঘনাই নিৰ্গত হোৱা বেমাৰত মই আক্ৰান্ত আছিলোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱাই হোৱাৰ কাৰণে বিষয়টো সম্পৰ্কে তেখেতক সুধিবলৈ লাজ কৰিছিলোঁ। সেয়ে মই মিক্বদাদ ইবনুল আছৱাদক এই বিষয়ে সুধিবলৈ ক'লোঁ, তেওঁ সোধাত তেখেতে ক'লেঃ "এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ধুই লব আৰু অজু কৰিব লাগিব।" বুখাৰীত এনেকৈ আছে যে, "অজু কৰা আৰু লজ্জাস্থান ধুই লবা।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 303

ব্যাখ্যা

হাদীছটোত আলী ৰাদ্বিয়াল্লাহু আনহুৱে সংবাদ দিছে যে, তেওঁৰ বেছিভাগ সময়তে মজী নিৰ্গত হৈছিল। মজী হৈছে এক প্ৰকাৰ তৰল আঠা জাতীয় বগা পদাৰ্থ, যিটো সাধাৰণতে স্ত্ৰী সম্ভোগৰ পূৰ্বে বা কামনা-বাসনামূলক কাৰ্য্যৰ সময়ত লজ্জাস্থানৰ পৰা ওলায়। এই পদাৰ্থ ওলালে কি কৰিব লাগে সেই বিষয়ে তেওঁ অৱগত নাছিল। কিন্তু এই বিষয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিবলৈও টান পাইছিল। কাৰণ তেওঁ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা ফাতিমা ৰাদ্বিয়াল্লাহু আনহাৰ স্বামী। সেয়ে তেওঁ মিক্বদাদ ইবনুল আছৱাদ ৰাদ্বিয়াল্লাহু আনহুক ক'লে যে, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বিষয়টো জানি আহে। ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ভালকৈ ধুই লব, তাৰ পিছত অজু কৰিব লাগিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৰ দ্বাৰা আলী ৰাদ্বিয়াল্লাহু আনহুৰ ফজিলত বৰ্ণিত হৈছে। কাৰণ শ্বাৰয়ী বিধান জানিবলৈ হায়াও তেওঁক বাধা দিব পৰা নাই, আনৰ মাধ্যমত হ'লেও সঠিক বিধান জনাৰ প্ৰয়াস কৰিছে।
  2. ফতোৱা সুধিবলৈ আনক প্ৰতিনিধি নিযুক্ত কৰা বৈধ।
  3. প্ৰয়োজনত নিজৰ সেইবোৰ বিষয়ো আনৰ সৈতে ভাগবতৰা কৰা বৈধ, যিবোৰ কথা ক'বলৈ লাজ লাগে।
  4. মজী নাপাক, সেয়ে কাপোৰত বা শৰীৰত লাগিলে ধোৱা ওৱাজিব।
  5. মজী ওলালে অজু ভংগ হয়।
  6. লজ্জাস্থানৰ লগতে অণ্ডকোশ ধোৱাটোও অনিবাৰ্য। এই বিষয়ে আন এটা হাদীছত উল্লেখ হৈছে।

অনুবাদ চাওক

59 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية