1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ মুমিনৰ অৱস্থা বৰ অদ্ভুত। নিশ্চয় মুমিনৰ প্ৰতিটো কামেই হৈছে কল্যাণকৰ। মুমিনৰ বাহিৰে আন কাৰো বাবে এই কল্যাণৰ ব্যৱস্থা নাই।

عَنْ صُهَيْبٍ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«عَجَبًا لِأَمْرِ الْمُؤْمِنِ، إِنَّ أَمْرَهُ كُلَّهُ خَيْرٌ، وَلَيْسَ ذَاكَ لِأَحَدٍ إِلَّا لِلْمُؤْمِنِ، إِنْ أَصَابَتْهُ سَرَّاءُ شَكَرَ، فَكَانَ خَيْرًا لَهُ، وَإِنْ أَصَابَتْهُ ضَرَّاءُ صَبَرَ، فَكَانَ خَيْرًا لَهُ».

ছুহাইব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
মুমিনৰ অৱস্থা বৰ অদ্ভুত। নিশ্চয় মুমিনৰ প্ৰতিটো কামেই হৈছে কল্যাণকৰ। মুমিনৰ বাহিৰে আন কাৰো বাবে এই কল্যাণৰ ব্যৱস্থা নাই। মুমিন ব্যক্তি সুখী হ'লে (আল্লাহৰ) কৃতজ্ঞতা প্ৰকাশ কৰে, এইটো তেওঁৰ বাবে কল্যাণকৰ। আনহাতে দুখ-কষ্টত আক্ৰান্ত হ'লে ধৈৰ্য্য ধাৰণ কৰে, এইটোও তেওঁৰ বাবে কল্যাণকৰ।

ছহীহ (মুছলিম) ছহীহ মুছলিম - 2999

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিনৰ অৱস্থাকলৈ সৎ উদ্দেশ্যে আশ্চৰ্য্য প্ৰকাশ কৰিছে। কাৰণ মুমিনৰ প্ৰতিটো অৱস্থাই হৈছে কল্যাণকৰ, আৰু এই সুবিধা মুমিনৰ বাহিৰে আন কাৰো নাই। মুমিনে যদি আনন্দ লাভ কৰে তেন্তে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ফলত তেওঁ ইয়াৰ প্ৰতিদান লাভ কৰে। আনহাতে মুমিনক যদি কোনো বিপদ-আপদে স্পৰ্শ কৰে, তেন্তে ইয়াৰ বিনিময়ত তেওঁ আল্লাহৰ ওচৰত ছোৱাব কামনা কৰে। ইয়াৰ ফলত তেওঁ ধৈৰ্য্য আৰু ছোৱাব লাভ কৰে। গতিকে সকলো অৱস্থাতে তেওঁ ছোৱাব লাভ কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত আনন্দদায়ক সময়ত কৃতজ্ঞতা প্ৰকাশ কৰাৰ আৰু বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰাৰ ফজিলত বৰ্ণিত হৈছে। যিয়ে ইয়াৰ প্ৰতি আমল কৰিব, তেওঁ উভয় জগততে কল্যাণ লাভ কৰিব। আনহাতে যিয়ে নিয়ামতৰ বাবে কৃতজ্ঞতা প্ৰকাশ নকৰে, আৰু বিপদ-আপদত ধৈৰ্য্য ধাৰণ নকৰে, সি ছোৱাবৰ পৰা বঞ্চিত হয় আৰু ক্ষতিৰ সন্মুখীন হয়।
  2. ঈমানৰ ফজিলত। কাৰণ কেৱল মুমিনসকলেই সকলো অৱস্থাতে ছোৱাব অৰ্জন কৰে।
  3. আনন্দদায়ক সময়ত কৃতজ্ঞতা প্ৰকাশ কৰা, আৰু বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য।
  4. আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰ তথা ভাগ্যৰ প্ৰতি ঈমানে মুমিনক সকলো অৱস্থাতে তেওঁৰ পূৰ্ণ সন্তুষ্টি অৰ্জন কৰিবলৈ উৎসাহিত কৰে। পক্ষান্তৰে ঈমান পোষণ নকৰা ব্যক্তি সদায় আল্লাহৰ ক্ৰোধৰ মাজত থাকে। এতেকে আল্লাহৰ ফালৰ পৰা তেওঁ কোনো নিয়ামত অৰ্জন কৰিলে আল্লাহৰ আনুগত্যৰ পৰা অমনোযোগী হৈ যায়, আনকি তেওঁৰ অবাধ্যতাত লিপ্ত হয়।

অনুবাদ চাওক

57 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية