1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ তোমালোকৰ মাজৰ যি ব্যক্তিৰ চৰিত্ৰ আৰু আচৰণ সৰ্বোত্তম, সেই ব্যক্তিয়েই মোৰ ওচৰত সৰ্বাধিক প্ৰিয় আৰু কিয়ামতৰ দিনা তেওঁ মোৰ নিচেই ওচৰত থাকিব।

عَنْ جَابِرٍ رَضيَ اللهُ عنهُ أَنَّ رَسُولَ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِنَّ مِنْ أَحَبِّكُمْ إِلَيَّ وَأَقْرَبِكُمْ مِنِّي مَجْلِسًا يَوْمَ القِيَامَةِ أَحَاسِنَكُمْ أَخْلاَقًا، وَإِنَّ أَبْغَضَكُمْ إِلَيَّ وَأَبْعَدَكُمْ مِنِّي مَجْلِسًا يَوْمَ القِيَامَةِ الثَّرْثَارُونَ وَالمُتَشَدِّقُونَ وَالمُتَفَيْهِقُونَ»، قَالُوا: يَا رَسُولَ اللهِ، قَدْ عَلِمْنَا الثَّرْثَارُونَ وَالمُتَشَدِّقُونَ فَمَا الْمُتَفَيْهِقُونَ؟ قَالَ: «الْمُتَكَبِّرُونَ».

জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজৰ যি ব্যক্তিৰ চৰিত্ৰ আৰু আচৰণ সৰ্বোত্তম, সেই ব্যক্তিয়েই মোৰ ওচৰত সৰ্বাধিক প্ৰিয় আৰু কিয়ামতৰ দিনা তেওঁ মোৰ নিচেই ওচৰত থাকিব। পক্ষান্তৰে তোমালোকৰ মাজৰ যি ব্যক্তি মোৰ ওচৰত আটাইতকৈ বেছি ঘৃণনীয়, সি কিয়ামতৰ দিনাও মোৰ পৰা বহু দূৰত অৱস্থান কৰিব। সিহঁত হৈছেঃ বহুবল্কী, ধৃষ্ট-নিৰ্লজ্জ আৰু মুতাফাইহিকূন (অহংকাৰ জৰ্জৰিত) ব্যক্তিসকল। চাহাবীসকলে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) বহুবল্কী আৰু ধৃষ্ট-নিৰ্লজ্জ লোকসকলক আমি জানো, কিন্তু মুতাফাইহিকূন কোনসকল লোক? তেখেতে ক'লেঃ সিহঁত হৈছে অহংকাৰী।"

ছহীহ (তিৰমিজী) ছুনান তিৰমিজী - 2018

ব্যাখ্যা

তোমালোকৰ মাজৰ যাৰ আখলাক চৰিত্ৰ সৰ্বোত্তম, তেওঁ পৃথিৱীত মোৰ প্ৰিয় ব্যক্তি আৰু কিয়ামতৰ দিনা তেওঁ মোৰ কাষত থাকিব। পক্ষান্তৰে যাৰ চৰিত্ৰ বেয়া, পৃথিৱীত মই তাক ভাল নাপাওঁ আৰু কিয়ামতৰ দিনাও সি মোৰ পৰা আঁতৰত অৱস্থান কৰিব। (الثرثارون) হৈছে সেইসকল লোক, যিসকলে সত্যক পৰিহাৰ কৰি অপ্ৰয়োজনীয় বহুত কথা কয়। (والمتشدقون) কোৱা হয় সেইসকল লোকক, যিসকলে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ কোনো সতৰ্কতা অৱলম্বন নকৰাকৈ ডাঙৰ ডাঙৰ কথা কয়। (والمتفيهقون) চাহাবাসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! ছাৰছাৰূন আৰু মুতাশ্বাদ্দিকূন সম্পৰ্কে আমি জানো, কিন্তু মুতাফাইহিকূন কাক বোলে? তেখেতে উত্তৰত ক'লেঃ মুতাফাইহিকূন হৈছে সেইসকল লোক, যিসকলে অহংকাৰ কৰে, আনক উপহাস কৰে, আৰু ডাঙৰ ডাঙৰ কথা কৈ ফিতাহি মাৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সৎ চৰিত্ৰ হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুহাব্বত অৰ্জনৰ আৰু কিয়ামতৰ দিনা তেখেতৰ নিকটৱৰ্তী থকাৰ অন্যতম উপায়। আনহাতে অসৎ চৰিত্ৰ হৈছে ইয়াৰ পৰিপন্থী।
  2. সৎ চৰিত্ৰ হৈছে ইজনে সিজনক মুহাব্বত কৰাৰো অন্যতম উপায়, আনহাতে অসৎ চৰিত্ৰ হৈছে ইয়াৰ পৰিপন্থী।
  3. সৎ চৰিত্ৰৰ প্ৰতি তথা পৰোপকাৰৰ প্ৰতি উৎসাহিত কৰা হৈছে, লগতে কঠোৰতা আৰু কৃত্ৰিমতাৰ পৰা বিৰত ৰখা হৈছে।
  4. অপ্ৰয়োজনীয় অধিক কথা কোৱাৰ পৰা, অহংকাৰ কৰাৰ পৰা, ডাঙৰ ডাঙৰ কথা কৈ ফিতাহি মৰাৰ পৰা আৰু কৃত্ৰিমতা অৱলম্বনৰ পৰা সতৰ্ক কৰা হৈছে।

অনুবাদ চাওক

44 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية