1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ ইঝাৰ বা পৰিধেয় কাপোৰৰ যিটো অংশ ভৰিৰ সৰু গাঁঠিৰ তলত থাকিব, সেই অংশ জাহান্নামত যাব।

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«مَا أَسْفَلَ مِنَ الكَعْبَيْنِ مِنَ الإِزَارِ فَفِي النَّارِ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
ইঝাৰ বা পৰিধেয় কাপোৰৰ যিটো অংশ ভৰিৰ সৰু গাঁঠিৰ তলত থাকিব, সেই অংশ জাহান্নামত যাব।

ছহীহ (বুখাৰী) ছহীহ বুখাৰী - 5787

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষসকলক শৰীৰৰ তলৰ ভাগত পৰিধান কৰা কাপোৰ, সেয়া লুঙ্গী হওক বা পায়জামা অথবা পেণ্ট, ভৰিৰ খাৰগাঁঠিৰ তললৈ পিন্ধিবলৈ নিষেধ কৰিছে তথা সতৰ্ক কৰিছে। যিয়ে ভৰিৰ খাৰগাঁঠিৰ তললৈ কাপোৰ পৰিধান কৰিব, সেই ব্যক্তিক জাহান্নামৰ শাস্তি বিহা হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পুৰুষসকলক ভৰিৰ খাৰগাঁঠিৰ তলত কাপোৰ পৰিধান কৰিবলৈ নিষেধ কৰা হৈছে। এইটো হৈছে কবীৰাহ গুনাহ তথা মহাপাপ।
  2. ইবনে হাজাৰে কৈছেঃ বিশেষ প্ৰয়োজনত খাৰগাঁঠিৰ তললৈ কাপোৰ পিন্ধিব পাৰে। যেনে- যদি কাৰোবাৰ খাৰগাঁঠিৰ তলত ঘা থাকে, য'ত মাখিয়ে অসুবিধা দিয়ে, আৰু সেইটোক ঢাকি ৰাখিবলৈ কোনো বস্তু নাপায় তেন্তে পৰিধেয় কাপোৰেৰে ঢাকি ৰাখিব পাৰে।
  3. এই বিধানটো হৈছে কেৱল পুৰুষসকলৰ বাবে নিৰ্দিষ্ট। আনহাতে নাৰীসকলক নিৰ্দেশ দিয়া হৈছে যে, সিহঁতে যেন কাপোৰ চোঁচৰাই পিন্ধে, আনকি খাৰগাঁঠিৰ তলত এক হাত পৰিমাণ দীঘল পিন্ধিব পাৰে।

অনুবাদ চাওক

41 ভাষা
EN English ইংৰাজী
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية