1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ তোমালোকে আল্লাহৰ বান্দীসকলক আল্লাহৰ ঘৰ মছজিদৰ পৰা বাধা প্ৰদান নকৰিবা। কিন্তু সিহঁতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত যাতে সুগন্ধি ব্যৱহাৰ নকৰে।

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَا تَمْنَعُوا إِمَاءَ اللَّهِ مَسَاجِدَ اللَّهِ، وَلَكِنْ لِيَخْرُجْنَ وَهُنَّ تَفِلَاتٌ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে আল্লাহৰ বান্দীসকলক আল্লাহৰ ঘৰ মছজিদৰ পৰা বাধা প্ৰদান নকৰিবা। কিন্তু সিহঁতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত যাতে সুগন্ধি ব্যৱহাৰ নকৰে।"

হাছান (আবু দাঊদ) ছুনান আবি দাঊদ - 565

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰীসকলৰ অভিভাৱকসকলক আৰু যিসকলে তেওঁলোকৰ চোৱাচিতাৰ দায়িত্বত আছে তেওঁলোকক নিষেধ কৰিছে যে, তেওঁলোকে যেন নাৰীসকলক মছজিদত যাবলৈ বাধা নিদিয়ে। লগতে তেখেতে নাৰীসকলক নিৰ্দেশনা দি কৈছে যে, তেওঁলোকে যেন ঘৰৰ পৰা ওলোৱাৰ সময়ত সৌন্দৰ্য্য প্ৰদৰ্শন কৰি আৰু সুগন্ধি ব্যৱহাৰ কৰি নোলায়। যাতে পুৰুষসকলৰ বাবে ফিতনাৰ কাৰণ নহয়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ফিতনাৰ আশংকা নাথাকিলে আৰু নাৰীসকলে সৌন্দৰ্য্য আৰু সুগন্ধি ব্যৱহাৰ নকৰাকৈ যদি ঘৰৰ পৰা ওলায় তেন্তে নাৰীসকলে মছজিদত গৈ নামাজ আদায় কৰাৰ অনুমতি আছে।
  2. ইয়াৰ দ্বাৰা এইটোও প্ৰমাণিত হয় যে, স্ত্ৰীয়ে স্বামী গৃহৰ পৰা স্বামীৰ অনুমতি নোলোৱাকৈ ওলাব নোৱাৰে। কাৰণ হাদীছটোত স্বামীসকলক অনুমতি দিবলৈ নিৰ্দেশ দিয়া হৈছে।
  3. ইছলাম নাৰীসকলৰ প্ৰতি অত্যন্ত যত্নশীল। ইছলামে নাৰীসকলক এনেকুৱা কোনো কৰ্মৰ পৰা বাধা দিয়া নাই যিটো তেওঁলোকৰ বাবে উপকাৰী। উদাহৰণস্বৰূপে জ্ঞান অৰ্জন কৰা বা বেলেগ কোনো ভাল উদ্দেশ্যত বাহিৰলৈ যোৱা আদি।
  4. নাৰীসকলৰ ওপৰত পুৰুষসকলৰ কৰ্তৃত্ব আছে, নাৰীসকলৰ চোৱাচিতা আৰু ভৰণ পোষণ হৈছে পুৰুষৰ দায়িত্ব। এইটোৱে হৈছে তাৰ প্ৰমাণ।

অনুবাদ চাওক

29 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية