1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ সৰ্বনাশ! তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা, ভৰিৰ গোৰোহা (নিজিকা)ৰ কাৰণেও জাহান্নামৰ শাস্তি আছে।

عَنْ عَبْدِ اللهِ بْنِ عَمْرٍو رَضيَ اللهُ عنهما قَالَ:
رَجَعْنَا مَعَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مِنْ مَكَّةَ إِلَى الْمَدِينَةِ حَتَّى إِذَا كُنَّا بِمَاءٍ بِالطَّرِيقِ تَعَجَّلَ قَوْمٌ عِنْدَ الْعَصْرِ، فَتَوَضَّؤُوا وَهُمْ عِجَالٌ، فَانْتَهَيْنَا إِلَيْهِمْ وَأَعْقَابُهُمْ تَلُوحُ لَمْ يَمَسَّهَا الْمَاءُ فَقَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «وَيْلٌ لِلْأَعْقَابِ مِنَ النَّارِ أَسْبِغُوا الْوُضُوءَ».

আব্দুল্লাহ ইবনে আমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মক্কাৰ পৰা মদীনালৈ উভতি অহাৰ পথত এটি পানী থকা কুঁৱাৰ ওচৰত আহি উপস্থিত হ'লোঁ। আমাৰ মাজৰ কিছুমানে আচৰৰ সময়ত সোনকালে অজু কৰিবলৈ গ'ল আৰু খৰখেদাকৈ অজু কৰিলে, ঠিক সেই সময়তে আমিও সিহঁতৰ ওচৰত গৈ উপস্থিত হ'লোঁ। তাত গৈ দেখিলোঁ, খৰখেদাকৈ অজু কৰাৰ কাৰণে সিহঁতৰ কিছুমানৰ ভৰিৰ গোৰোহা জিকাই নাছিল। এই দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সৰ্বনাশ! তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা, ভৰিৰ গোৰোহা (নিজিকা)ৰ কাৰণেও জাহান্নামৰ শাস্তি আছে।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 241

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মক্কাৰ পৰা মদীনাৰ ছফৰত আছিল, তেখেতৰ সৈতে কিছুমান চাহাবাও আছিল। ভ্ৰমণকালত তেওঁলোকে পানীৰ এটা স্থান পালে। সেয়ে কিছুমান চাহাবাই আচৰৰ চালাতৰ কাৰণে অজু কৰাৰ উদ্দেশ্যে খৰধৰকৈ অজু কৰিবলৈ গ'ল। কিন্তু তেওঁলোকে খৰখেদাকৈ অজু কৰাৰ কাৰণে ভৰিৰ শেষৰ অংশখিনিত পানী ঢুকি পোৱা নাছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ভৰিৰ গোৰোহা ধোৱাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ কাৰণেও জাহান্নামত শাস্তি আছে তথা ধ্বংস আছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. অজু কৰাৰ সময়ত দুয়ো ভৰি ভালকৈ ধোৱা অনিবাৰ্য। কাৰণ কেৱল মছেহ কৰাটো যদি বৈধ হ'লহেঁতেন তেন্তে গোৰোহাত পানী ঢুকি নোপোৱাৰ কাৰণে শাস্তিৰ সতৰ্কবাণী নিদিলেহেঁতেন।
  2. ধুবলগীয়া অজুৰ অংগবোৰ ভালকৈ ধোৱা ওৱাজিব। যদি কোনোবাই ইয়াৰ সৰু এটা অংশ ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে নোধোৱাকৈ এৰি দিয়ে যিটো ধোৱা ওৱাজিব তেন্তে তাৰ চালাত শুদ্ধ নহ'ব।
  3. নজনা ব্যক্তিক শিকাই দিয়াৰ গুৰুত্ব।
  4. ফৰজ বা ছুন্নত বিনষ্ট হোৱা দেখিলে আলিমৰ উচিত হৈছে উপযুক্ত পদ্ধতিৰে তাৰ প্ৰতিবাদ কৰা।
  5. মুহাম্মদ ইছহাক্ব দেহলৱীয়ে কৈছেঃ সুন্দৰকৈ অজু কৰাৰ ধৰণ হৈছে তিনিটাঃ নূন্যতম এবাৰ ধোৱাটো হৈছে ফৰজ। ছুন্নত হৈছে তিনিবাৰকৈ ধোৱা। আনহাতে মুস্তাহাব হৈছে পৰ্যাপ্ত সময় লৈ তিনিবাৰ ধোৱাৰ লগতে ঘঁহি ঘঁহি ধোৱা।

অনুবাদ চাওক

52 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية