1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ আখিৰাতৰ স্তৰসমূহৰ মাজত কবৰ হৈছে প্ৰথম স্তৰ। যিয়ে এই স্তৰত ৰেহাই পাব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ ইয়াতকৈ সহজ হ'ব। আনহাতে যিয়ে ইয়াত সফলতা অৰ্জন নকৰিব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ অধিক কঠিন হ'ব।

عَن هَانِئ مَوْلَى عُثْمَانَ رَضيَ اللهُ عنهُ قَالَ: كَانَ عُثْمَانُ إِذَا وَقَفَ عَلَى قَبْرٍ بَكَى حَتَّى يَبُلَّ لِحْيَتَهُ، فَقِيلَ لَهُ: تُذْكَرُ الْجَنَّةُ وَالنَّارُ فَلَا تَبْكِي، وَتَبْكِي مِنْ هَذَا؟ فَقَالَ: إِنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ:
«إِنَّ الْقَبْرَ أَوَّلُ مَنْزِلٍ مِنْ مَنَازِلِ الْآخِرَةِ، فَإِنْ نَجَا مِنْهُ فَمَا بَعْدَهُ أَيْسَرُ مِنْهُ، وَإِنْ لَمْ يَنْجُ مِنْهُ فَمَا بَعْدَهُ أَشَدُّ مِنْهُ».

উছমান ৰাদ্বিয়াল্লাহু আনহুৰ মুক্ত কৰা দাস হানীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ উছমান ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া কোনো কবৰৰ ওচৰত থিয় হৈছিল, তেতিয়া তেখেত ইমান কান্দিছিল যে, তেখেতৰ দাড়ি জিকি গৈছিল। তেখেতক কোৱা হ'লঃ আপুনি যেতিয়া জান্নাত আৰু জাহান্নামৰ কথা স্মৰণ কৰে তেতিয়াতো নাকান্দে, কিন্তু ইয়াত কিয় কান্দি আছে? তেতিয়া তেখেতে ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"আখিৰাতৰ স্তৰসমূহৰ মাজত কবৰ হৈছে প্ৰথম স্তৰ। যিয়ে এই স্তৰত ৰেহাই পাব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ ইয়াতকৈ সহজ হ'ব। আনহাতে যিয়ে ইয়াত সফলতা অৰ্জন নকৰিব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ অধিক কঠিন হ'ব।"

হাছান (তিৰমিজী, ইবনে মাজাহ) ছুনান তিৰমিজী - 2308

ব্যাখ্যা

আমিৰুল মুমিনীন উছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া কোনো কবৰৰ ওচৰত থিয় হৈছিল, তেতিয়া তেওঁ কান্দিছিল, আনকি অশ্ৰুৰে তেওঁৰ দাড়ি তিতি গৈছিল। তেওঁক প্ৰশ্ন কৰা হ'লঃ জান্নাত আৰু জাহান্নামৰ কথা স্মৰণ কৰি, জান্নাতৰ আশাত আৰু জাহান্নামৰ ভয়ত কেতিয়াওতো আপোনাক কান্দা দেখা নাই, আৰু আপুনি কবৰ দেখি কান্দি আছে? (কাৰণ কি?) তেতিয়া তেওঁ ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কবৰ হৈছে আখিৰাতৰ প্ৰথম মঞ্জিল। যিয়ে ইয়াৰ পৰা ৰক্ষা পাব, তাৰ বাবে পৰৱৰ্তী মঞ্জিলসমূহ সহজ হ'ব। আনহাতে যিয়ে ইয়াৰ শাস্তিৰ পৰা নাজাত নাপাব, তাৰ বাবে পৰৱৰ্তী শাস্তিসমূহ অধিক কঠিন হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৱে প্ৰমাণ কৰে যে, উছমান ৰাদ্বিয়াল্লাহু আনহুৱে আল্লাহক কি পৰিমাণ ভয় কৰিছিল। অথচ তেওঁ জান্নাতৰ সুসংবাদপ্ৰাপ্ত ব্যক্তিসকলৰ মাজৰ অন্যতম এজন আছিল।
  2. কিয়ামত আৰু কবৰৰ ভয়াৱহতাৰ কথা স্মৰণ কৰি কান্দাটো চৰীয়তসন্মত।
  3. কবৰৰ নিয়ামত আৰু শাস্তি প্ৰমাণিত।
  4. কবৰৰ শাস্তিৰ পৰা সতৰ্ক কৰা হৈছে।

অনুবাদ চাওক

44 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية