1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ কিয়ামতৰ দিনা যেতিয়া আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে একত্ৰিত কৰিব, তেতিয়া প্ৰত্যেক বিশ্বাসঘাতক প্ৰতাৰকৰ বাবে পতাকা উত্তোলন কৰা হ'ব। লগতে কোৱা হ'বঃ এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।

عَنِ ابْنِ عُمَرَ رَضيَ اللهُ عنهما قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِذَا جَمَعَ اللهُ الْأَوَّلِينَ وَالْآخِرِينَ يَوْمَ الْقِيَامَةِ يُرْفَعُ لِكُلِّ غَادِرٍ لِوَاءٌ، فَقِيلَ: هَذِهِ غَدْرَةُ فُلَانِ بْنِ فُلَانٍ».

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"কিয়ামতৰ দিনা যেতিয়া আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে একত্ৰিত কৰিব, তেতিয়া প্ৰত্যেক বিশ্বাসঘাতক প্ৰতাৰকৰ বাবে পতাকা উত্তোলন কৰা হ'ব। লগতে কোৱা হ'বঃ এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 1735

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে কিয়ামতৰ দিনা যেতিয়া পূৰ্বৱৰ্তী আৰু পৰবৰ্তী সকলো লোককে হিচাপ-নিকাচৰ বাবে একত্ৰিত কৰিব, তেতিয়া প্ৰতিজন বিশ্বাসঘাতক তথা প্ৰতাৰকৰ বাবে একোটাকৈ পতাকা উত্তোলন কৰা হ'ব, সেই প্ৰতাৰণা আল্লাহৰ সৈতে হওক বা মানুহৰ সৈতে। যাতে সকলোৱে গম পায় যে, ই খিয়ানত কৰিছে তথা বিশ্বাসঘাতকতা কৰিছে। লগতে সেইদিনা ঘোষকে ঘোষণা কৰিব যে, এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ বিশ্বাসঘাতকতাৰ প্ৰতীক। যাতে হাশ্বৰৰ ময়দানত উপস্থিত থকা সকলোৰে সন্মুখত তাৰ এই কুকৰ্ম উন্মোচিত হয়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বিশ্বাসঘাতকতা তথা প্ৰতাৰণা কৰা হাৰাম আৰু এইটো হৈছে কাবীৰাহ গুনাহ। কাৰণ এই ক্ষেত্ৰত কঠিন সতৰ্কবাণী দিয়া হৈছে।
  2. প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ প্ৰতিটো শ্ৰেণীয়ে ইয়াৰ অন্তৰ্ভুক্ত, যিটো ক্ষেত্ৰত সকীয়নি দিয়া হৈছে। এতেকে তেজ, মান-সন্মান, গোপনীয়তা আৰু ধন-সম্পদৰ ক্ষেত্ৰত যদি আপুনি খিয়ানত তথা বিশ্বাসঘাতকতা কৰে, তেন্তে আপুনি তাৰ সৈতে প্ৰতাৰণা কৰিলে, আৰু আপুনি আমানতৰ যোগ্য নহয়।
  3. কুৰতুবীয়ে কৈছেঃ পতাকা উত্তোলনৰ এই বিষয়টো আৰবীয়ানসকলৰ ব্যৱহাৰ অনুসৰি কোৱা হৈছে। কিয়নো সিহঁতে বিশ্বস্ত লোকৰ প্ৰতীক হিচাপে বগা পতাকা উত্তোলন কৰিছিল, আৰু প্ৰতাৰকৰ প্ৰতীক হিচাপে ক'লা পতাকা উত্তোলন কৰিছিল, প্ৰতাৰকৰ প্ৰতাৰণাক নিন্দা কৰিবলৈ। হাদীছটোৰ অৰ্থও এই যে, কিয়ামতৰ দিনা প্ৰতাৰকৰ বাবে এনেকুৱাই কৰা হ'ব। যাতে সকলোৱে তাৰ এই কুকৰ্ম সম্পৰ্কে অৱগত হয় আৰু হাশ্বৰৰ ময়দানত উপস্থিত থকা লোকসকলে তাক নিন্দা কৰে।
  4. ইবনে হাজাৰে কৈছেঃ ইয়াত এই কথা প্ৰমাণিত হয় যে, কিয়ামতৰ দিনা মানুহক সিহঁতৰ পিতৃৰ নামৰ সৈতে আহ্বান কৰা হ'ব। যেনে- হাদীছটোত তেখেতে কৈছেঃ "هذه غدرة فلان ابن فلان" এইজন হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।

অনুবাদ চাওক

40 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
KN ಕನ್ನಡ কান্নাড়া
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية