1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ সূৰ্য্য উদয় হোৱা দিনসমূহৰ মাজত উত্তম দিন হৈছে জুমুআৰ দিন।

عَنْ أَبِي هُرَيْرَةَ رضي الله عنه أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«خَيْرُ يَوْمٍ طَلَعَتْ عَلَيْهِ الشَّمْسُ يَوْمُ الْجُمُعَةِ، فِيهِ خُلِقَ آدَمُ، وَفِيهِ أُدْخِلَ الْجَنَّةَ، وَفِيهِ أُخْرِجَ مِنْهَا، وَلَا تَقُومُ السَّاعَةُ إِلَّا فِي يَوْمِ الْجُمُعَةِ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"সূৰ্য্য উদয় হোৱা দিনসমূহৰ মাজত উত্তম দিন হৈছে জুমুআৰ দিন। জুমুআৰ দিনাই আদমক সৃষ্টি কৰা হৈছে আৰু এই দিনাই তেওঁক জান্নাতত প্ৰৱেশ কৰোৱা হৈছিল, আৰু জুমুআৰ দিনাই তেওঁক তাৰ পৰা বহিষ্কাৰ কৰা হৈছে, আৰু জুমুআৰ দিনাই ক্বিয়ামত সংঘটিত হ'ব।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 854

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, সূৰ্য্য উদয় হোৱা দিনসমূহৰ ভিতৰত সৰ্বোত্তম দিন হৈছে জুমুআৰ দিন। ইয়াৰ বৈশিষ্ট্য হৈছে যে, এই দিনটোতে আল্লাহে আদম আলাইহিচ্ছালামক সৃষ্টি কৰিছে, আৰু এই দিনটোতে তেওঁক জান্নাতত প্ৰৱেশ কৰাইছে, লগতে এই দিনটোতে তেওঁক তাৰ পৰা বহিষ্কাৰ কৰিছে আৰু পৃথিৱীত নমাই দিছে। এইদৰে জুমুআৰ দিনাই কিয়ামত সংঘটিত হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সপ্তাহৰ অন্যান্য দিনতকৈ জুমুআৰ দিনৰ গুৰুত্ব অধিক।
  2. জুমুআৰ দিনত নেক আমল বেছি বেছি কৰিবলৈ উৎসাহিত কৰা হৈছে। গতিকে এই দিৱসটোত আল্লাহৰ ৰহমত অৰ্জন কৰাৰ প্ৰস্তুতি লোৱা উচিত আৰু তেওঁৰ ক্ৰোধৰ পৰা ৰক্ষা পোৱাৰ উপায় অলম্বন কৰা উচিত।
  3. হাদীছত বৰ্ণিত এইবোৰ হৈছে জুমুআৰ দিনৰ বৈশিষ্ট্য। কিছুমানে কৈছেঃ এইবোৰে জুমুআৰ দিৱসৰ ফজীলত বহন নকৰে, কাৰণ আদমক কৰা বহিষ্কাৰ আৰু কিয়ামত সংঘটিত হোৱা বিষয়বোৰ ফজীলতৰ অন্তৰ্ভুক্ত নহয়। আন কিছুমানে কৈছেঃ উল্লিখিত আটাইবোৰ হৈছে ফাজাঈল। আদম আলাইহিচ্ছালামৰ বহিষ্কাৰো হৈছে এটা ফজীলত, কাৰণ ইয়াৰ ফলতে তেওঁৰ সন্তানসকলৰ মাজৰ পৰা নবী, ৰাছুল আৰু পুণ্যৱান লোকসকল অস্তিত্বলৈ আহিছে। এইদৰে কিয়ামত সংঘটিত হোৱাটোও হৈছে এটা ফজীলত, কাৰণ ইয়াৰ ফলত পূণ্যৱান লোকসকলে সোনকালেই তেওঁলোকৰ প্ৰতিফল লাভ কৰিব আৰু আল্লাহে তেওঁলোকৰ বাবে যিবোৰ নিয়ামত প্ৰস্তুত কৰি ৰাখিছে সেইবোৰ অৰ্জন কৰিব।
  4. এই হাদীছত বৰ্ণিত বৈশিষ্ট্যসমূহৰ উপৰিও জুমুআৰ দিনৰ আৰু কেইবাটাও বৈশিষ্ট্য আছে। যেনে- আদম আলাইহিচ্ছালামে এই দিৱসতে তাওবা কৰিছিল, এই দিৱসটোতে তেওঁ মৃত্যুবৰণ কৰিছিল। এই দিৱসটোত এনেকুৱা এটা সময় আছে, যিটো সময়ত বান্দাই যদি নামাজ পঢ়ি আল্লাহৰ ওচৰত দুআ কৰে তথা কিবা বিচাৰে তেন্তে আল্লাহে তাক সেইটো প্ৰদান কৰে।
  5. বছৰৰ সৰ্বোত্তম দিন হৈছে আৰাফাৰ দিন। কিছুমানে কৈছেঃ কুৰবানীৰ দিন। সপ্তাহৰ ভিতৰত সৰ্বোত্তম দিন হৈছে জুমুআৰ দিন আৰু সৰ্বোত্তম ৰাতি হৈছে ক্বদৰৰ ৰাতি।

অনুবাদ চাওক

56 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية