عَنْ سَهْلِ بْنِ سَعْدٍ رَضيَ اللهُ عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِيَّاكُمْ وَمُحَقَّرَاتِ الذُّنُوبِ، فَإِنَّمَا مَثَلُ مُحَقَّرَاتِ الذُّنُوبِ كَقَوْمٍ نَزَلُوا فِي بَطْنِ وَادٍ، فَجَاءَ ذَا بِعُودٍ، وَجَاءَ ذَا بِعُودٍ، حَتَّى أَنْضَجُوا خُبْزَتَهُمْ، وَإِنَّ مُحَقَّرَاتِ الذُّنُوبِ مَتَى يُؤْخَذْ بِهَا صَاحِبُهَا تُهْلِكْهُ».

ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে সৰু সুৰা পাপ কৰ্মকো বৰ্জন কৰা, কিয়নো সৰু আৰু তুচ্ছ পাপ কৰ্মৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে (ভ্ৰমণত গৈ) কোনো এটা উপত্যকাত (বিশ্ৰামৰ বাবে) অৱস্থান কৰে। ইয়াৰ পিছত ইজনে এটা কাঠৰ টুকুৰা আনে আৰু সিজনে এটা কাঠৰ টুকুৰা আনে, অৱশেষত খৰিৰ স্তূপ হৈ যায়, আৰু সিহঁতে সেইবোৰৰ দ্বাৰা ৰুটী সেকি খায়। ঠিক সেইদৰে সৰু সুৰা পাপ কৰ্মত অটল থকা লোকক যেতিয়া কৰায়ত্ব কৰা হ'ব তেতিয়া এইবোৰ গুনাহেই তাক ধ্বংস কৰিব।"

ছহীহ (আহমদ) মুছনাদ আহমদ - 22808

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সৰু সুৰা গুনাহত অৱহেলা কৰাৰ পৰা সতৰ্ক কৰিছে।ইয়াৰ আধিক্যই ব্যক্তিক ধ্বংসৰ মুখত ঠেলি দিয়ে। তেখেতে ইয়াৰ এটা উদাহৰণ দিছে যে, এনেকুৱা কিছুমান লোক যিসকলে এটা উপত্যকাত গৈ আশ্ৰয় লয় আৰু প্ৰত্যেকেই সৰু সৰু কাঠৰ টুকুৰা তথা খৰি বিচাৰি আনে। অৱশেষত সেইবোৰ খৰিৰ এটা স্তূপ হৈ যায়। ফলত সিহঁতে সেইবোৰৰ দ্বাৰা ৰুটী সেকি খায়। ঠিক সেইদৰে সৰু সুৰা গুনাহত অৱহেলা কৰিলে, গুনাহৰ এটা স্তূপ হৈ যাব, যদি বান্দাই এইবোৰ গুনাহৰ পৰা তাওবা নকৰে তেন্তে আল্লাহে কৰায়ত্ব কৰিলে তাক ধ্বংস কৰি দিব, নহ'লে ক্ষমা কৰি দিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. উদাহৰণৰ জৰিয়তে কোনো এটা বিষয় ভালকৈ বুজাই দিয়াটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নীতি, যাতে বিষয়টো স্পষ্ট হয় আৰু উত্তমৰূপে বুজিব পৰা যায়।
  2. সৰু সুৰা তথা তুচ্ছ গুনাহৰ পৰা সতৰ্ক কৰা হৈছে। লগতে ইয়াৰ পৰা যিমান সোনকালে পৰা যায় তাওবা কৰিবলৈ উৎসাহিত কৰা হৈছে।
  3. সৰু সুৰা গুনাহবোৰক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। প্ৰথমঃ বান্দাই যিবোৰ গুনাহক সৰু সুৰা গুনাহ বুলি ভাবি কাৰ্যকৰী কৰে, অথচ সেইটো আল্লাহৰ দৃষ্টিত ডাঙৰ গুনাহ। দ্বিতীয়ঃ মানুহে যিবোৰ সৰু গুনাহ কৰে সেইবোৰৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে আৰু তাওবা নকৰে। ফলত এইবোৰ সৰু সৰু গুনাহবোৰ জমা হৈ এটা স্তূপত পৰিণত হয়, আৰু অৱশেষত তাৰ বাবে ধ্বংস মাতি আনে। তৃতীয়ঃ মানুহে কৰা সৰু গুনাহবোৰক সিহঁতে ভ্ৰূক্ষেপ নকৰি তুচ্ছ জ্ঞান কৰে, ফলত এইবোৰ ধ্বংসাত্মক ডাঙৰ গুনাহত পতিত হোৱাৰ কাৰণ হৈ পৰে।

অনুবাদ চাওক

41 ভাষা
EN English ইংৰাজী
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية