1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।

عَنْ عَبْدِ اللَّهِ بْنِ بُسْرٍ رَضِيَ اللَّهِ عَنْهُ قَالَ: أَتَى النَّبِيَّ رَجُلٌ، فَقَالَ: يَا رَسُولَ اللَّهِ! إِنَّ شَرَائِعَ الإِسْلَامِ قَدْ كَثُرَتْ عَلَيْنَا، فَبَابٌ نَتَمَسَّكُ بِهِ جَامِعٌ؟ قَالَ:
«لاَ يَزَالُ لِسَانُكَ رَطْبًا مِنْ ذِكْرِ اللَّهِ». وفي رواية: مِنْ حَدِيثِ مُعَاذِ بْنِ جَبَلٍ رَضِيَ اللَّهُ عَنْهُ: آخِرُ مَا فَارَقْتُ عَلَيْهِ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ أَنْ قُلْتُ: أَيُّ الأَعْمَالِ خَيْرٌ وَأَقْرَبُ إِلَى اللَّهِ؟ قَالَ: «أَنْ تَمُوتَ وَلِسَانُكَ رَطْبٌ مِنْ ذِكْرِ اللَّهِ عَزَّ وَجَلَّ».

আব্দুল্লাহ বিন বুছৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ ওপৰত ইছলামী চৰীয়তৰ বিধান বহুত বেছি। গতিকে আমাক এনেকুৱা এটা জামে বিষয় শিকাই দিয়ক যিটো আমি মজবুতভাৱে ধৰি ৰাখিম। তেখেতে ক'লেঃ
"সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।" মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আন এটা বৰ্ণনাত আছে যে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শেষ বিদায় লোৱাৰ সময়ত যিটো কথা সুধিছিলোঁ, সেয়া আছিল এই যে, কোনটো আমল বেছি উত্তম আৰু আল্লাহৰ অধিক নিকটৱৰ্তী? তেখেতে কৈছিলঃ "সদায় যেন তোমাৰ জিভা আল্লাহৰ জিকৰৰ দ্বাৰা সিক্ত হৈ থাকে আৰু সেই অৱস্থাতে যেন তোমাৰ মৃত্যু হয়।"

ছহীহ رواه أحمد والترمذي وابن ماجه وابن حبان الأربعون النووية - 50

ব্যাখ্যা

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি অভিযোগ কৰিলে যে, নফল ইবাদতৰ সংখ্যা অধিক হৈছে, গতিকে কোনটো এৰি কোনটো কৰিম ভাবি পোৱা নাই। সেয়ে ব্যক্তিজনে নিজৰ দুৰ্বলতাৰ কথা উল্লেখ কৰি অপাৰগতা প্ৰকাশ কৰিলে। ইয়াৰ পিছত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, তেখেতে যেন তেওঁক এনেকুৱা কোনো সহজ আমল সম্পৰ্কে জনায় যিটো কৰিলে অধিক ছোৱাব অৰ্জন হ'ব আৰু তেওঁ যাতে সেইটোক মজবুতভাৱে ধৰি ৰাখিব পাৰে।
এই কথা শুনি তেখেতে তেওঁক নিৰ্দেশনা দি ক'লে যে, আল্লাহৰ জিকৰৰ দ্বাৰা তুমি তোমাৰ জিভাক সকলো সময়তে আৰু সকলো অৱস্থাতে সিক্ত ৰাখিবা। তাছবীহ (ছুবহানাল্লাহ), তাহমীদ (আলহাম্দুলিল্লাহ), ইস্তিগফাৰ (আস্তাগফিৰুল্লাহ) আৰু দুআ আদিৰ জৰিয়তে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সদায় আল্লাহৰ জিকৰ-আজকাৰ কৰাৰ ফজীলত।
  2. এইটো আল্লাহৰ মহা অনুগ্ৰহ যে, তেওঁ ছোৱাব অৰ্জনৰ উপায়সমূহ সহজ কৰি দিছে।
  3. কল্যাণ আৰু নেকীৰ ক্ষেত্ৰত বান্দাসকলৰ মৰ্যাদা ভিন ভিন।
  4. তাছবীহ, তাহমীদ, তাহলীল আৰু তাকবীৰৰ জৰিয়তে আন্তৰিকতাৰে আল্লাহক বেছি বেছি স্মৰণ কৰাটো হৈছে কেইবাটাও নফল ইবাদতৰ সমতুল্য।
  5. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিজন প্ৰশ্নকাৰীকে তাৰ উপযুক্ত উত্তৰ প্ৰদান কৰিছিল।

অনুবাদ চাওক

56 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
DA Dansk الدنماركية
RN Kirundi الكيروندي
KMR Kurmancî الكرمنجية
MS Bahasa Melayu الملايو