عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ:
كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَسِيرُ فِي طَرِيقِ مَكَّةَ، فَمَرَّ عَلَى جَبَلٍ يُقَالُ لَهُ جُمْدَانُ، فَقَالَ: «سِيرُوا هَذَا جُمْدَانُ، سَبَقَ الْمُفَرِّدُونَ» قَالُوا: وَمَا الْمُفَرِّدُونَ يَا رَسُولَ اللهِ؟ قَالَ: «الذَّاكِرُونَ اللهَ كَثِيرًا وَالذَّاكِرَاتُ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মক্কাৰ পথেৰে গৈ থকাত এটা পাহাৰ গৈ পালে, যিটো পাহাৰৰ নাম আছিল জুমদান। তেখেতে ক'লেঃ "তোমালোকে আগুৱাই গৈ থাকা এইটো হৈছে জুমদান পাহাৰ। মুফাৰ্ৰিদূনসকলে অগ্ৰগামী হৈছে।" চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! মুফাৰ্ৰিদূনসকল কোন? তেখেতে ক'লেঃ "আল্লাহক বেছি বেছি স্মৰণকাৰী নাৰী আৰু পুৰুষসকল।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 2676

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি আল্লাহৰ জিকৰ-আজকাৰ কৰা লোকসকলৰ মৰ্যাদা বৰ্ণনা কৰিছে যে, তেওঁলোকে বেলেগৰ পৰা পৃথক হৈ জান্নাতত সুউচ্চ মৰ্যাদা অৰ্জনৰ ক্ষেত্ৰত অগ্ৰগামী হৈছে। তেখেতে এই বিষয়টোক জুমদান পাহাৰৰ সৈতে ৰিজাইছে, অৰ্থাৎ যিদৰে জুমদান পাহাৰ অন্যান্য পাহাৰতকৈ বেলেগ, ঠিক সেইদৰে জিকৰ-আজকাৰকাৰী লোকসকলো মৰ্যাদাৰ ক্ষেত্ৰত বেলেগ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বেছি বেছি জিকৰ-আজকাৰত ব্যস্ত থকা মুস্তাহাব। কাৰণ আখিৰাতত অগ্ৰগামী হ'বলৈ হ'লে বেছি বেছি নেক আমল কৰিব লাগিব, আৰু নিষ্ঠা সহকাৰে নিৰ্ভেজালভাৱে ইবাদত কৰিব লাগিব।
  2. আল্লাহৰ স্মৰণ কেৱল মৌখিকভাৱেও হ'ব পাৰে, অথবা কেৱল আন্তৰিকভাৱেও হ'ব পাৰে, নাইবা মৌখিক আৰু আন্তৰিকভাৱে একেলগে হ'ব পাৰে, আনকি এইটোৱে সৰ্বোচ্চ ধাপ।
  3. চৰীয়ত সন্মত জিকৰ-আজকাৰবোৰ নিৰ্ধাৰিত তথা সীমাবদ্ধ। যেনে- পুৱা গধূলি পঢ়িবলগীয়া আজকাৰসমূহ, ফৰজ নামাজৰ পিছত পঢ়িবলগীয়া দুআসমূহ, ইত্যাদি।
  4. নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ জানি থোৱা! জিকৰ-আজকাৰৰ ফজিলত কেৱল তাছবীহ তাহলীল তাহমীদ আৰু তাকবীৰৰ মাজতেই সীমাবদ্ধ নহয়। বৰং আল্লাহৰ আনুগত্য কৰা প্ৰতিটো আমলকাৰীয়ে হৈছে আল্লাহক স্মৰণকাৰী।
  5. জিকৰ-আজকাৰ হৈছে দ্বীনৰ ওপৰত অটল তথা অবিচল থকাৰ অন্যতম এটা ডাঙৰ উপায়। যেনে- মহান আল্লাহে কৈছেঃ (يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا لَقِيتُمْ فِئَةً فَاثْبُتُوا وَاذْكُرُوا اللَّهَ كَثِيرًا لَّعَلَّكُمْ تُفْلِحُونَ) হে মুমিনসকল! যেতিয়া তোমালোকে কোনো দলৰ সন্মুখীন হ’বা তেতিয়া অবিচল থাকিবা আৰু আল্লাহক বেছি পৰিমাণে স্মৰণ কৰিবা, যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা। (ছুৰা আনফালঃ ৪৫)
  6. জিকৰ-আজকাৰকাৰী আৰু জুমদান পৰ্বতৰ মাজত সাদৃশ্য দিয়াৰ কাৰণ হৈছে, দুয়োটাই অকলশৰীয়া তথা পৃথক। জুমদান পৰ্বত যিদৰে অন্যান্য পৰ্বতৰ পৰা পৃথক, ঠিক সেইদৰে আল্লাহৰ জিকৰ-আজকাৰ কৰা লোকসকলো অন্যান্য লোকৰ পৰা পৃথক, কাৰণ তেওঁলোকে মানুহৰ মাজত অৱস্থান কৰিলেও তেওঁলোকৰ অন্তৰ আৰু জিভা সদায় জিকৰ-আজকাৰত ব্যস্ত থাকে। তেওঁলোকে নিৰ্জনতাক বেছি ভাল পায় আৰু মানুহৰ সৈতে বহি সময় নষ্ট কৰাক বৰ ভয় পায়। এই সাদৃশ্যতাৰ এইটোও এটা কাৰণ হ'ব পাৰে যে, জিকৰ-আজকাৰ হৈছে দ্বীনৰ ওপৰত অটল থকাৰ উপায়, যিদৰে পৰ্বত হৈছে পৃথিৱীক স্থিৰ ৰখাৰ উপায়। অথবা ইয়াৰ দ্বাৰা পৃথিৱী আৰু আখিৰাতত কল্যাণৰ ক্ষেত্ৰত অগ্ৰগামী হোৱাক বুজোৱা হৈছে, যিদৰে মদীনাৰ পৰা মক্কালৈ অহা ভ্ৰমণকাৰীয়ে জুমদান পৰ্বত পালে মক্কা পাইছে বুলি ভাবে, গতিকে তেওঁলোকৰ পূৰ্বে যিসকলে আহি এই স্থান পাইছে তেওঁলোকে অগ্ৰগামী হৈছে। ঠিক সেইদৰে আল্লাহৰ জিকৰ-আজকাৰ কৰা লোকসকলো অগ্ৰগামী অন্যান্য লোকসকলতকৈ। আল্লাহেই সৰ্বজ্ঞ।

অনুবাদ চাওক

57 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية